Pakistan : পাকিস্তানৰ মছজিদত যুৱতীসকলক প্রশিক্ষণ দিয়া হৈছে কেনেদৰে শিৰচ্ছেদ কৰিব লাগে, ভাইৰেল ভিডিঅ’

pakistan behead

বোৰ্খা পৰিধান কৰি, হাতত তৰোৱাল । কেনেদৰে শিৰশ্ছেদ কৰিব লাগে, তাৰেই প্রশিক্ষণ দিয়া হৈছে যুৱতীসকলক । পাকিস্তানৰ লাল মছজিদত যুৱতীসকলক মুণ্ডচ্ছেদ কৰাৰ প্রশিক্ষণ দিয়াৰ এক ভিডিঅ’ক লৈ তোলপাৰ লাগিছে ।

পয়গম্বৰৰ অসন্মান কৰিলেই তেওঁৰ শিৰশ্ছেদ কৰা হ’ব । এই বার্তা দি যুৱতীসকলক তৰোৱাল প্রশিক্ষণ দিয়া হৈছে । পাকিস্তানৰ এই মছজিদত যুৱতীসকলক প্রশিক্ষণৰ এটা ভিডিঅ’ প্রকাশ্যত আহিছে ।

ভিডিঅ’ত দেখা গৈছে, মছজিদৰ ভিতৰত বোৰ্খা পৰিহিত এগৰাকী শিক্ষয়িত্ৰীয়ে গোলপীয়া ৰঙৰ বোৰ্খা পৰিধান কৰা যুৱতীসকলক তৰোৱাল প্রশিক্ষণ দিছে । কেনেদৰে শিৰশ্ছেদ কৰিব লাগে, সেই বিষয়ত যুৱতীসকলক প্রশিক্ষণ দিয়া হৈছে । প্রশিক্ষণ পর্বত হাতত তৰোৱাল লৈ যুৱতীসকলক শ্ল’গান দিয়াও দেখা গৈছে ।

সংবাদ সংস্থা সূত্রে খবৰ, পয়গম্বৰৰ অপমান হ’লে এটাই শাস্তি, সেইটো হ’ল শিৰশ্ছেদ । এই কথাই শিকোৱা হৈছে পাক যুৱতীসকলক । এই ধৰণৰ প্রশিক্ষণ দেখি চকু থৰ লাগিছে বিভিন্ন মহলৰ । এনালিষ্ট আমিনা বেগম আনছাৰিয়ে কয়, ‘‘আমাৰ সমাজৰ পৰা এনে ধৰণৰ প্রশিক্ষণ বন্ধ কৰিব লাগিব ।’’

প্রসংগত, পয়গম্বৰ সন্দৰ্ভত এক মন্তব্য কৰি ভাৰতত বিতর্ক আৰম্ভ কৰিছিল বিজেপি নেত্রী নূপুৰ শর্মাই । তেওঁৰ বিতর্কিত মন্তব্যত তোলপাৰ হয় আন্তর্জাতিক মহলো । নূপুৰৰ মন্তব্যৰ কটাক্ষত সৰৱ হয় ইৰান, কাতাৰ, ইৰানসহ একাধিক দেশ । ভাৰততো বিভিন্ন ৰাজ্যত বিক্ষোভ প্রদর্শিত হয় ।

আনকি, এই মন্তব্যৰ বাবে সকীয়নিও পায় বুলি অভিযোগ কৰে নূপুৰে । এই প্রেক্ষাপটত পাকিস্তানত যুৱতীসকলক এই ধৰণৰ প্রশিক্ষণ উদ্বেগজনক বুলি ধাৰণা কৰিছে এই এনালিষ্টে । আমিনাৰ শংকা, এইবোৰ দেখি পাছৰ প্রজন্ম‌ই জঘন্য অপৰাধ কৰিব পাৰে । সেয়ে শীঘ্ৰে এনে ধৰণৰ প্রশিক্ষণ বন্ধ কৰিব লাগে ।

Exit mobile version