আমাৰ পথ, ঘাইপথ আদি নিৰ্মাণৰ বাবে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা সকলক কেতিয়া অপৰাধীৰূপে গণ্য কৰা হ’ব ? জনপ্ৰিয় অভিনেত্ৰী পূজা ভাট

WhatsApp Image 2022 09 07 at 18.05.31

টাটা কোম্পানীৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ পথ দূৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে বাহনৰ সকলো যাত্ৰীয়ে ছীট বেল্ট পৰিধান কৰিব লাগিব বুলি ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীয়ে । কেন্দ্ৰীয় মন্ত্ৰী জনৰ এই ঘোষণাৰ পিছতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰমাজতে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰযোজন-পৰিচালক পূজা ভাটৰ এটা টুইটে বিশেষ চৰ্চা লাভ কৰিছে ।

গাদকাৰীৰ এই ঘোষণাৰ পিছতে অভিনেত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ টুইটাৰ একাউন্টত পোনপটীয়াকৈ উল্লেখ কৰে যে , “সকলোৱে ছীট বেল্ট আৰু এয়াৰবেগৰ কথা কৈ আছে । গুৰুত্বপূৰ্ণ হয় । কিন্তু তাতোকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে পথৰ মাজত সৃষ্টি হোৱা গাঁত আৰু জৰাজীৰ্ণ পথসমূহ মেৰামতি কৰা । আমাৰ পথ বা ঘাইপথ সমূহ নিৰ্মাণৰ বাবে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা সকলক কেতিয়া অপৰাধীৰূপে গণ্য কৰা হ’ব ? তদুপৰি এবাৰ নিৰ্মাণ কৰা পথবোৰৰ ৰক্ষণাবেক্ষণ কৰাটোও জৰুৰী ।”

উল্লেখযোগ্য যে টাটাৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ পথ দূৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে তদন্তত এইকথা পোহৰলৈ আহিছিল যে দূৰ্ঘটনাৰ সময়ত মিস্ত্ৰী-এ ছীট বেল্ট পৰিধান কৰা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী গৰাকীয়ে সকলো যাত্ৰীৰ বাবে ছীটবেল্ট পৰিধান কৰাটো বাধ্যতামূলক কৰে ।

Exit mobile version