চাৰিচকীয়া বাহনৰ সকলো আৰোহীয়ে ছীটবেল্ট পিন্ধাটো বাধ্যতামূলক : নীতিন গাডকাৰী

image 750x500 6315ee4521fbe Rear Seat Belt Car Accident

আপুনি যদি চাৰিচকীয়া বাহনৰ আৰোহী৷তেন্তে এতিয়াৰ পৰা আপুনি পিন্ধিব লাগিব ছীটবেল্ট ৷ অন্যৰ্থাই ভৰিব লাগিব জৰিমনা ৷পূৰ্বতে গাড়ীৰ চালক আৰু কাষত বহাজনে পিন্ধিব লাগিছিল ছীটবেল্ট ৷কিন্ত কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্ৰণালয়ে শেহতীয়াকৈ চাৰিচকীয়া বাহনৰ পিছৰফালে বহা সকলোৰে বাবে বাধ্যতামূলক কৰিছে ছিটবেল্ট ৷

একেদৰে ছীটবেল্ট পিন্ধা-নিপিন্ধা পৰ্যবেক্ষণ কৰিব পাৰিব আৰক্ষীয়ে ৷ আনহাতে শীৰ্ঘেই বাহনসমুহত ছটা এয়াৰবেগ থকাৰ নিয়ম কাৰ্যকৰীৰ চিন্তাচৰ্চা কৰিছে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্ৰণালয়ে ৷ এই কথা স্বয়ং সদৰি কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

উল্লেখ্য দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা টাটা চন্সৰ তদানীন্তন অধ্যক্ষ ছাইৰাচ মিস্ত্ৰীৰ ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যুৰ পিছতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে চাৰিচকীয়া বাহনৰ আৰোহীৰ বাবে নতুন নিয়ম বলবৎৰ বাবে উঠপৰি লাগে ৷

Exit mobile version