পুনৰ এক আঞ্চলিক শক্তি জাতীয় দল, অসমৰ আত্মপ্ৰকাশ

WhatsApp Image 2022 09 07 at 14.37.12

ৰাজ্যত পুনৰ আন এক আঞ্চলিক দলৰ জন্ম ৷ বিজেপিক প্ৰতিহত কৰি আঞ্চলিক ভাৱাপন্ন শক্তিক একত্ৰিত কৰাৰ লক্ষ্যৰে গঠন কৰা হয় ‘জাতীয় দল,অসম ৷ দুটাকৈ আঞ্চলিক দল ক্ৰমে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু দিগন্ত কোঁৱৰ নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চা আৰু সংগ্ৰামী গণ মঞ্চই আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক যৌথসভাত দুয়োটা দল একত্ৰিকৰণ কৰি গঠন কৰে জাতীয় দল, অসম ৷

সভাতে নৱ গঠিত দলটিৰ নেতৃবৰ্গই নতুন দলৰ নামযুক্ত বেনাৰ প্ৰদৰ্শন কৰি বিজেপিক উৎখাতৰ অংগীকাৰ কৰে ৷ আগন্তুক দিনত নতুন দলটোৱে ৰাজ্যৰ ৰাজনীতিত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version