পৌৰ এলেকাত কৰ ধাৰ্য কৰা সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই, মন্ত্ৰী অশোক সিংহাল 

Ashok Singhal

পৌৰ এলেকাত কৰ ধাৰ্য কৰা সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই । ইতিমধ্যে এইকথা স্পষ্ট কৰিছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে ।

আজি বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশ লৈ সাংবাদিকৰে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে , বিগত ৫০ বছৰ পৌৰ সভা এলেকা সমূহত কোনো সমীক্ষা হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত পৌৰ এলেকা সমূহত কিমান মানুহ আছে, ঘৰৰ আকাৰ বা কেইমহলীয়া আদি তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ইয়াৰ লগতে অসমৰ প্ৰতিখন পৌৰ সভাৰ অধীনত বৈজ্ঞানিক পদ্ধতিৰে।ড্ৰাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সমান্তৰালকৈ জাবৰ নিষ্কাষণ আৰু প্ৰক্ষাগৃহ নিৰ্মাণ কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Exit mobile version