ৰাভা স্বায়ত্ত্ব শাসিত ৰাজ্যৰ দাবী ৰাভা জাতীয় যুৱ পৰিষদৰ

পুনৰ পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছে অন্য এক জনগোষ্ঠীয় সংগঠন ৰাভা জাতীয় যুৱ পৰিষদে । গোৱালপাৰা জিলাৰ জয়ৰামকুছিৰ পৰা কামৰূপ জিলাৰ ৰাণীলৈ ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণ পাৰে ৰাভা হাছং স্বায়ত্ত্ব শাসিত ৰাজ্য গঠনৰ দাবী উত্থাপন কৰাৰ লগতে টংকেশ্ব ৰ ৰাভাৰ নেতৃত্বত চলি থকা বৰ্তমানৰ ৰাভা হাছং পৰিষদৰ বিৰুদ্ধেও ৰাভা জাতীয় যুৱ পৰিষদে হুংকাৰ প্ৰদান কৰে ।

অভিযোগ অনুসৰি ৰাভা জাতীয় পৰিষদে ৰাভা জাতিৰ সমস্যা সমাধানৰ বিপৰীতে ৰাভা হাছঙত একনায়কত্ববাদ চলোৱাৰো অভিযোগ উত্থাপন কৰিছে । উল্লেখযোগ্য যে, যিটো সময়ত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি , আৰছু , ষষ্ঠ অনুসূচী দাবী সমিতিকে ধৰি বহু কেইটা ৰাভা জাতীয় সংগঠনে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে আন্দোলন কৰি আহিছে,তেনেসময়তে ৰাভা স্বায়ত্ত্ব শাসিত ৰাজ্য গঠনৰ দাবীয়ে বিশেষ তাৎপ ৰ্য বহন কৰিছে ।

সন্দেহ কৰা হৈছে যে ,পুনৰ উত্তপ্ত হ’ব পাৰে ৰাভা হাছং এলেকা । ইফালে ৰাভা জাতীয় পৰিষদৰ বৰ্ষপূৰ্তি অনুষ্ঠানত আৰছুৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভা, বীৰেন টোটলা , ৰাভা জাতীয় যুৱ পৰিষদৰ সম্পাদক প্ৰফুল্ল ৰংখ-এ বৰ্তমানৰ ৰাভা পৰিষদৰ কাম-কাজক লৈ অসন্তোষ্ট হোৱাৰ লগতে তীব্ৰ সমালোচনা কৰে । তেনেক্ষেত্ৰত এক মাত্ৰ ৰাভা স্বায়ত্ত্ব শাসিত ৰাজ্যয়ে ৰাভা জাতিক সুৰক্ষিত কৰিব পাৰিব বুলি সজোৰে মন্তব্য কৰে । এই দাবীক লৈ আগন্তুক সময়ত ৰাভা জাতীয় যুৱ পৰিষদ অধিক সক্ৰিয় হৈ পৰিব বুলিও হুংকাৰ প্ৰদান কৰে ।

Exit mobile version