উদ্ভিদ বিজ্ঞানী, লোকসংস্কৃতিৰ সাধক ড° পদ্মেশ্বৰ গগৈলৈ জীৱন জোৰা সাধনা বঁটা

WhatsApp Image 2022 09 07 at 18.05.30

গোলাঘাটৰ ঐতিহাসিক এমেচাৰ থিয়েটাৰ চ’ছাইটিয়ে কালি অসমৰ অন্যতম উদ্ভিদ বিজ্ঞানী তথা লোক সংস্কৃতিৰ সাধক ড° পদ্মেশ্বৰ গগৈলৈ আগবঢ়াই জীৱন জোৰা সাধনা বঁটা । কালি অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা সভাত উদ্ভিদ বিজ্ঞানী গৰাকীক এই সন্মান প্ৰদান কৰা হয় ।

চ’ছাটিৰ সভাপতি ডা: অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত গোলাঘাটৰ প্ৰায় পঞ্চাছ টাৰো অধিক দল-সংগঠন তথা বিভিন্ন লোকে সম্বৰ্ধনা জ্ঞাপন কৰে । আজীৱন প্ৰকৃতিৰ মাজত বিচৰণ কৰি ঘুৰি ফুৰা ড° গগৈ হৈছে প্ৰকৃতি তথা উদ্ভিদ বিষয়ত অগাধ পণ্ডিত ।

নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ ড° গগৈ লোক সংস্কৃতিৰ ওপৰতো গভীৰ সাধনা অব্যাহত ৰাখিছে । কালি অনুষ্ঠিত হোৱা ৰাজহুৱা সম্বৰ্ধনা সভাত এক অন্তৰংগ আলাপৰো ব্যৱস্থা কৰা হয় । এই আলাপত ড° গগৈ-এ বিভিন্ন জনৰ লগত মত বিনিময় কৰে । উল্লেখযোগ্য যে , কালি ড° গগৈক সম্বৰ্ধনা জনাবলৈ গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ অগণন লোক স্বত:স্ফূৰ্তভাৱে ওলাই অহা পৰিলক্ষিত হৈছিল ।

Exit mobile version