Jio 6th Anniversary : জিঅ’-ৰ ছয় বছৰ পূর্তি উপলক্ষে ৭৫ জিবি ডেটা, বাম্পাৰ অফাৰ !

Reliance Jio Stake Sales Ambanis Quest to become DEBT FREE cover

Jio 6th Anniversary Offers : চাওঁতে চাওঁতে ছয় বছৰ হৈ গ’ল ৰিলায়েন্স জিঅ’-ৰ । এই বিশেষ মুহূর্তত বাম্পাৰ অফাৰ আনিছে সংস্থাই । ২,৯৯৯ টকাৰ প্লেনত ছয়টা অতিৰিক্ত সুবিধা দিছে জিঅ’ই । এই প্লেন ব্যৱহাৰকাৰীসকলে মুঠ ৭৫ জিবি ফ্রি ডেটা দিয়া হৈছে । ইয়াৰ উপৰি, এই প্লেন ব্যৱহাৰ কৰিলে, ৰিলায়েন্স ডিজিটেলত ৫,০০০ টকাৰ ক্ৰয় কৰিলে ৫০০ টকা অফাৰ পাব গ্ৰাহকে ।

Jio-ৰ ষষ্ঠতম বার্ষিকী অফাৰ ২০২২-ৰ আওতাত, ব্যৱহাৰকাৰীসকলে এই প্লেনৰ স’তে মুঠ ৭৫ জিবি অতিৰিক্ত ডেটা পাব (যাৰ মূল্য ৭৫০ টকা) । তদুপৰি, Ajio, Netmeds আৰু Ixigo-ত ৭৫০ টকা অফাৰ পাব ।

ৰিলায়েন্স জিঅ’-ৰ ২,৯৯৯ টকাৰ এই প্রিপেড প্লেনত জিঅ’-ৰ ষষ্ঠ বছৰৰ বিশেষ অফাৰ থাকিব । এই প্লেন ব্যৱহাৰকাৰীসকলে ৩৬৫ দিনৰ বাবে প্রতিদিনে ২.৫ জিবিকৈ ডেটা লাভ কৰিব । লগতে ভ‌ইচ কলিং আৰু এছএমএছ-ৰ সুবিধাও আছে । এই প্লেনত ব্যৱহাৰকাৰীসকলে আনলিমিটেড ভ‌ইচ কলিং আৰু দিনত ১০০টা SMS পাব ।

প্লেনৰ অতিৰিক্ত বেনিফিটৰ ভিতৰত আছে JioTV, JioCinema, JioSecurity, JioCloud আৰু Disney+ Hotstar-ৰ এক বছৰৰ ম’বাইল ছাবস্ক্রিপছন ।

চাওক কি আছে জিঅ’ৰ এই প্লেনত :

ম্যাদ : ৩৬৫ দিন
দিনে ডেটা : ২.৫ জিবিকৈ
কল : আনলিমিটেড
SMS : দিনে ১০০ টা
অতিরিক্ত বেনিফিট : JioTV, JioCinema, JioSecurity, JioCloud আৰু Disney+ Hotstar-ৰ এবছৰৰ ম’বাইল ছাবস্ক্রিপছন ।

Exit mobile version