NAMRUP EX , JOURNALIST প্ৰাক্তন সাংবাদিক অবিনাশ ৰাজখোৱাৰ বিয়োগ, দান দি গ’ল নিজৰ দেহ আৰু নয়ন

WhatsApp Image 2022 09 07 at 19.38.28

NAMRUP EX ,JOURNALIST নামৰূপৰ প্ৰাক্তন সাংবাদিক অবিনাশ ৰাজখোৱাৰ আজি পুৱা অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । দৈনিক জনসাধাৰণ কাকতৰ নামৰূপৰ সাংবাদিকৰূপে কাৰ্যনিৰ্বাহক কৰা সদ্য প্ৰয়াত ৰাজখোৱা বিগত এটা দশক যকৃত ৰোগত আক্ৰান্ত হৈ আছিল ৷

নামৰূপৰ সমাজ জীৱনৰ সতে সংপৃক্ত হৈ প্ৰয়াত ৰাজখোৱাই বিভিন্ন সময়ত নামৰূপ সামাজিক, বৌদ্ধিক, আৰ্থসামাজিক দিশত বলিষ্ঠ ভূমিকা পালন কৰিছিল । ৰাজখোৱা নামৰূপ সাংবাদিক মঞ্চৰো এজন অন্যতম সদস্য আছিল ৷

মৃত্যুৰ পূৰ্বে ৰাজখোৱাই নিজৰ দেহ আৰু নেত্ৰ দান কৰি মানৱতাৰ এক গভীৰ নিদৰ্শন দেখাই দি থৈ গৈছে । ৰাজখোৱাৰ মৃত্যুত নাহৰকটীয়া প্ৰেছ গ্ৰীল্ড, নামৰূপ সাহিত্য সভা, নামৰূপস্থ বিভিন্ন দল সংগঠন, সমাজ সেৱক ৰঞ্জিত বৰুৱা প্ৰমুখ্যে বিভিন্নজনে শোক প্ৰকাশ কৰে ।

Exit mobile version