PALTANBAZAR পল্টনবজাৰ কাণ্ডক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ট্ৰেফিক পুলিচক প্ৰশিক্ষণৰ নিৰ্দেশ

WhatsApp Image 2022 09 07 at 21.02.10

TRAFFIC POLICEট্ৰেফিক পুলিচৰ বিৰুদ্ধে কঠোৰ স্থিতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷ পল্টনবজাৰ কাণ্ডক লৈ গুৰুত্বপূৰ্ণ ৰায়দান কৰি মুখ্য বিচাৰপতি আদালতে সকলো ট্ৰেফিক পুলিচক প্ৰশিক্ষণৰ নিৰ্দেশ দিয়াৰ লগতে কৰ্তব্যৰত অৱস্থাত ট্ৰেফিক পুলিচক নাগৰিকৰ প্ৰতি ভালভাৱ দেখুৱাবলৈও নিদেৰ্শনা দিয়ে ৷

উল্লেখ্য যে চলিত বৰ্ষৰ ১৭ মাৰ্চত মহানগৰীৰ সদাব্যস্ত পল্টনবজাৰৰ মাজমজিয়াত বিকি গুপ্তা নামৰ বাইক আৰোহী যুৱকজনত তেওঁৰ পত্নী আৰু কণমানি সন্তানৰ সন্মুখতে প্ৰহাৰ কৰিছিল ফকৰউদ্দিন আহমেদ নামৰ ট্ৰেফিক কনিষ্টবলজনে ৷

এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৰাইজে ৷ পৰৱৰ্তী সময়ত ট্ৰেফিক আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰজু হয় এটা গোচৰ ৷আজি এই গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ বিচাৰপীঠে উল্লিখিত ৰায় দিয়ে ৷

Exit mobile version