Russia Ukraine War : ইউক্রেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীসকলক পঢ়া সমাপ্ত কৰাৰ অনুমতি ৰাষ্ট্ৰীয় মেডিকেল কমিছনৰ

অৱশ্যে পঢ়িব লাগিব অন্য দেশত

1662538192 ukraine student

ইউক্রেইনৰ পৰা উভতা ভাৰতীয় মেডিকেল শিক্ষাৰ্থীসকলৰ বাবে নতুন ঘোষণা ৰাষ্ট্ৰীয় মেডিকেল কমিছনৰ (এনএমচি) । মঙলবাৰে এনএমচি-য়ে এটা বিজ্ঞপ্তি জাৰি কৰিছে । অৰ্থাৎ, শিক্ষা সমাপ্ত নকৰাকৈয়ে ইউক্রেইনৰ পৰা দেশলৈ উভতা শিক্ষাৰ্থীসকলে পঢ়া সমাপ্ত কৰিব পাৰিব । কিন্তু ভাৰতৰ কোনো শিক্ষা প্রতিষ্ঠানত নহয়, কৰিব লাগিব ইউক্রেইন নির্দেশিত দেশৰ শিক্ষাপ্রতিষ্ঠানত অর্থাৎ, বিদেশত ।

ফেব্রুৱাৰীৰ মাজভাগত বিশেষ সামৰিক অভিযানৰ নামত ইউক্রেইনৰ স’তে যুদ্ধ ঘোষণা কৰে ৰাছিয়াই । সেই যুদ্ধৰ অন্ত পৰা নাই । এনে পৰিস্থিতিত সৰ্বাধিক সমস্যাত পৰিছে ইউক্রেইনত চিকিৎসা বিজ্ঞান পঢ়িবলৈ যোৱা ভাৰতীয় যুৱক-যুৱতীসকল । কাৰণ, যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই তেওঁলোক দেশত উভতি আহিবলগীয়া হয় । ভাৰততো অসম্পূর্ণ শিক্ষা সমাপ্ত কৰাৰ সুযোগ দিয়া নহয় । কিন্তু সম্প্ৰতি স্বস্তিৰ খবৰ দিলে এনএমচি-য়ে ।

মঙলবাৰৰ বিজ্ঞপ্তিতত জনোৱা হৈছে, ইউক্রেইনে যি ‘একাডেমিক ম’বিলিটি প্র’গ্রাম’-ৰ ঘোষণা কৰিছে, তাত সন্মত হৈছে এনএমচি । অর্থাৎ, যুদ্ধবিধ্বস্ত ইউক্রেইনৰ বিভিন্ন শিক্ষাপ্রতিষ্ঠানত পাঠ্যৰত ভাৰতীয় শিক্ষার্থীসকলক অন্যান্য দেশৰ বিশ্ববিদ্যালয়ত স্থানান্তৰিত কৰাৰ অনুমতি দিব এনএমচি-য়ে । বিদেশৰ বিশ্ববিদ্যালয়তেই অসমাপ্ত শিক্ষ সমাপ্ত কৰাৰ সুযোগ পাব ভাৰতীয় শিক্ষাৰ্থীসকলে ।

ইউক্রেইন ‘একাডেমিক ম’বিলিটি প্র’গ্রাম’-ৰ মাধ্যমত, ভাৰতীয় শিক্ষাৰ্থীসকলে বিদেশৰ কোনো শিক্ষাপ্রতিষ্ঠানত পাঠ্যক্ৰম সমাপ্ত কৰিব । কিন্তু ডিগ্রী দিব ইউক্রেইনত যি বিশ্ববিদ্যালয়ত তেওঁলোক ভর্তি হৈছিল, সেই বিশ্ববিদ্যালয়তেই ।

Exit mobile version