STATE ৰাজ্যত দিনক দিনে বৃদ্ধি পথ দুৰ্ঘটনাৰ

৬০ শতাংশ বৃদ্ধি, বিগত বৰ্ষত ১৯০০ লোকৰ প্ৰাণহানী

WhatsApp Image 2022 09 07 at 18.47.58

STATE ৰাজ্যত দিনক দিনে বৃদ্ধি পথ দুৰ্ঘটনাৰ
৬০ শতাংশ বৃদ্ধি, বিগত বৰ্ষত ১৯০০ লোকৰ প্ৰাণহানী পথ দুৰ্ঘটনাত

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাজনিত ঘটনা ৷ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো চমুকৈ এন চি আৰ বিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অত্যাধিক দ্ৰুতবেগী বাহনৰ চলাচলৰ ফলত ৰাজ্যখনত ৬০ শতাংশৰো অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে । বিগত বৰ্ষটোতে পথ দুৰ্ঘটনাত প্ৰাণহানী হৈছিল ১৯শৰো অধিক ৷ ইয়াৰ মুল কাৰণ দ্ৰুতগতিত বাহন চলোৱা ৷
এনচিআৰবিৰ তথ্য অনুসৰি, ৰাজ্যখনত নথিভুক্ত কৰা মুঠ ৭০৬৯ টা দুৰ্ঘটনাৰ ভিতৰৰে প্ৰায় ৪৩০৩ টা পথ দুৰ্ঘটনা দ্ৰুত বেগত বাহন চলোৱা ৷ য’ত আহত হৈছিল হৈছিল য’ত ৩২৩৭ জন আৰু মৃত্যু হয় ১৯৪৭ জন লোকৰ । ২০২১ত দেশত দ্ৰুত গতিত বাহন চলোৱাৰ ফলস্বৰূপে সংঘটিত হোৱা দুৰ্ঘটনা প্ৰায় ৫০ শতাংশ এনচিআৰবিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাজ্যখনত যোৱা বছৰ পঞ্জীয়ন কৰা পথ দুৰ্ঘটনাৰ ৮৮৬ টা ঘটনাৰ আঁৰত বিপদজনক বা অসাৱধানতাৰে গাড়ী চলোৱা য’ত ৮৩৩ জন লোক আহত হোৱাৰ বিপৰীতে মৃত্যু হয় ৩৪৭ জন লোকৰ।

আনহাতে, ড্ৰাগছ বা সুৰাৰ নিচাত গাড়ী চলোৱাৰ ফলত ২০২১ ত প্ৰায় ২৮৮ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল, য’ত নেকি ২০১জন লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু ১৫৪ জন লোকে প্ৰাণ হেৰুৱাইছিল। অৱশ্যে জৰাজীৰ্ণ পথৰ বাবেও সংঘটিত হৈছিল৮৮ টা গোচৰ ৰুজু কৰা হৈছিল ৷ এনে পথ দুৰ্ঘটনাত ৫৪ জন লোক আহত হৈছিল আৰু ১৩ জন লোকে প্ৰাণ হেৰুৱাইছিল। আনহাতে ৰাজ্যখনত দুচকীয়া বাহনৰ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে এই সংখ্যা আছিল ১২৯৯, তাৰ ভিতৰত গাড়ী-জীপত মৃত্যু ৫৬৯, ট্ৰাকত ২৫৬, আৰু বাছ দুৰ্ঘটনা ১৪৪। প্ৰতিবেদনখনত এইটোও কোৱা হৈছিল যে ২০২১ত অসমত কমেও ৩৫০ জন পথচাৰী নিহত হৈছিল।

এনচিআৰবিৰ প্ৰতিবেদনত যোৱা বছৰ ৰাজ্যখনত পথ দুৰ্ঘটনাৰ বৰ্ধিত প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে । বিগত তিনিটা বৰ্ষত মৃত্যুৰ সংখ্যা আছিল ২০২১ত ৩০১৪ জন, ২০২৯ ত ৬৫৩৩ টা দুৰ্ঘটনাৰ বিপৰীতে মৃত্যু হয় ২৬২৯জন ৷ মনকৰিবলগীয়া যে ২৯১৯ ত এই সংখ্যা যথেষ্ট বেছি আছিল ৮,২৫০ টা দুৰ্ঘটনাৰ ৩২০৭ জনৰে প্ৰাণহানী হয় ৷ উল্লেখ্য যে ৰাজ্যত পথ দুৰ্ঘটনাৰ হাৰ বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত পথ দুৰ্ঘটনাৰ ঘটনা হ্ৰাস কৰিবলৈ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহত প্ৰয়োজনীয় সুৰক্ষা নিয়ম প্ৰৱৰ্তন কৰাটো নিশ্চিত কৰিবলৈ পৰিবহন বিভাগক বিশেষ নিৰ্দেশ দিয়ে।

টুইটাৰযোগে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “পৰিবহণ বিভাগক জিলা সমুহৰ উপায়ুক্তৰে মতবিনিময় কৰি যোৱা এটা বছৰত পথ দুৰ্ঘটনাৰে জড়িত ঘটনাত মৃত্যুৰ সংখ্যা ১০০ অতিক্ৰম কৰিছে ৷ ইয়াৰ প্ৰতিৰোধৰ উপায় বিচাৰি উলিয়াবলৈ কি ব্যৱস্থা ল’ব পাৰি।”

একেদৰে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুৰ্ঘটনা বৃদ্ধি পোৱাৰ সন্দৰ্ভত কয় যে পৰিবহণ বিভাগে এনএইচএছত বাহনখনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ ইণ্টাৰচেপ্টাৰৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ “যিসকলে সুৰা পান কৰি গাড়ী চলায় তেওঁলোকৰ ওপৰত আমি অতি কঠোৰ হ’বলৈ গৈ আছো৷ এক প্ৰণালী প্ৰস্তুত কৰা হৈছে যাৰ জৰিয়তে সংশ্লিষ্ট বিষয়াই নিৰ্ধাৰিত গতিসীমাৰ ওপৰত পৰিভ্ৰমণ কৰা বাহনৰ ওপৰত জৰিমনা আৰোপ কৰিব পাৰিব।

Exit mobile version