কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৩৫ বছৰলৈ লীজত দিব ৰে’লৱে মাটি 

1531762481 3403

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সিদ্ধান্ত অনুসৰি ৩৫ বছৰৰ বাবে ৰে’লৱে মাটি লীজত দিয়া হ’ব । চৰকাৰে ২০২১ চনত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গতি শক্তি ফ্ৰেমৱৰ্ক প্ৰকল্পৰ সফল ৰূপায়ণত সহায়ক হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ।

যিহেতু এই প্ৰকল্পৰ যোগেদি দেশৰ ৩০০ কাৰ্গো টাৰ্মিনেলৰ অহা পাঁচ বছৰৰ ভিতৰত বিকাশ কৰা হ’ব । ইয়াৰবাবে ইতিমধ্যে ১৬ টা মন্ত্ৰালয়ক লৈ এখন মঞ্চ গঠন কৰা হৈছে । য’ত ৰে’ল, অসামৰিক বিমান পৰিবহন, জাহাজ আৰু পথ পৰিবহন মন্ত্ৰালয়ো আছে ।

উল্লেখযোগ্য যে, এই আঁচনি ৰূপায়ণৰ ফলত ৯০ দিনৰ ভিতৰত ১.২ লাখ চাকৰিৰ সৃষ্টি হ’ব । তেনেক্ষেত্ৰত ৰে’লৱে মাটি লীজত লোৱা সকলৰ সুবিধা হোৱাকৈ তথা আন্ত: গাঁথনিৰ কাম শক্তিশালী কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখ কৰিছে কেবিনেটে । কেবিনেটৰ এই সিদ্ধান্তক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Exit mobile version