Indian Railways : তিনিশটা ট্রেইনৰ ভাৰা নিৰ্ধাৰণ কৰিব বেচৰকাৰী সংস্থাই !

railways 1 1019x573 1

এখন-দুআন নহয়, মুঠ তিনিশটা ট্রেইনৰ ভাৰা নিৰ্ধাৰণ কৰিব বেচৰকাৰী সংস্থাই । তাত ভাৰতীয় ৰেলৰ কোনো ভূমিকা নাথাকিব । সম্প্রতি এই শীর্ষক এট প্রতিবেদন ভাইৰেল হৈছে ছ’চিয়েল মিডিয়ত । অৱশ্যে এই খবৰ সত্য নহয় । এনে কোনো সিদ্ধান্তই লোৱা নাই ভাৰতীয় ৰেল বিভাগে ।

উক্ত প্রতিবেদনত কোৱা হয়, প্রাইভেট-পাব্লিক পার্টনাৰশ্বিপ, সংক্ষেপে পিপিপি মডেলৰ মাধ্যমত আগবাঢ়িব বিচাৰিছে ৰেল বিভাগ । সেয়ে বিভিন্ন বেচৰকাৰী সংস্থাৰ পৰা দৰপত্র বিচৰা হৈছে । প্রতিবেদন অনুযায়ী মুঠ তিনিশটা নতুন যাত্রীবাহি ট্রেইন আৰম্ভ কৰাৰ কথা কোৱা হৈছে । সেইসমূহৰ ভাৰা নিৰ্ধাৰণ কৰাৰ অধিকাৰ থাকিব তেওঁলোকৰেই হাতত । এই দাবী কৰা হৈছে । অৱশ্যে এয়া সঠিক খবৰ নহয় । এই বিষয়ত জনাইছে ভাৰতীয় ৰেল বিভাগে ।

ৰেল মন্ত্রণালয়ৰ তৰফৰ পৰা, ছয় ছেপ্টেম্বৰ ২০২২-ত এই বিষয়ত এটা বিবৃতি প্রকাশ কৰা হয় । তাত লিখা হৈছে, ‘এক দৈনিক সংবাদপত্র আৰু তাৰ ডিজিটেল সংস্কৰণৰ প্রতিবেদনত কোৱা হৈছে যে, ভাৰতীয় ৰেলে এয়ে প্রথমবাৰ পিপিপি ম’ডত ১৫০ জনীয়া যাত্রীবাহি ট্রেইন চলাচলৰ বাবে দৰপত্র বিচৰিছে । কোৱা হৈছে যে, বেচৰকাৰী সংস্থাসমূহেই ট্রেইনৰ ভাৰা নিৰ্ধাৰণ কৰাৰ স্বাধীনতা পাব । এই খবৰটো অসত্য । ৰেল মন্ত্রণালয়ে এনে কোনো দৰপত্র বিচৰা নাই, এনে কোনো প্রস্তাৱৰো বিবেচনা কৰা নাই । ফলত এই সংক্রান্ত খবৰবোৰ তথ্যগতভাৱে ভুৱা ।’

Exit mobile version