RAJASTHAN ৰাজস্থানত ভয়ংকৰ দূৰ্ঘটনা

টেংকাৰ আৰু কাৰৰ মাজত হোৱা সংঘৰ্ষত ৬ জন লোকৰ কৰুণ মৃত্যু

WhatsApp Image 2022 09 08 at 19.51.29

RAJASTHAN ৰাজস্থানৰ চিৰোহী জিলাত সংঘটিত হৈছে এক কৰুণ দূৰ্ঘটনা । এখন চাৰিচকীয়া বাহন আৰু টেংকাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত চাৰিজন লোক থিতাতে নিহত হোৱাৰ লগতে দুজনৰ চিকিৎসালয়ত মৃত্যু হয় । আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে , দুৰ্ঘটনাত নিহত হোৱা যাত্ৰীসকল চিৰোহীৰ স্বৰ্ণেশ্বৰ মেলাৰ পৰা বৰোদা অভিমুখে গৈ থকা সময়ত সন্ধিয়া প্ৰায় ৬-৪৫ মান বজাত ৰিকো থান অঞ্চলৰ মাভাল কাটৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।

উল্লেখযোগ্য যে, চাৰিচকীয়া বাহনখনৰ সন্মুখত হঠাৎ এখন বাইক আহি ওলোৱাত বাইক আৰোহীজনক বচাবলৈ যাওতেই বিপৰীত দিশৰ পৰা আহি থকা টেংকাৰ খনৰ লগত মুখামুখি সংঘৰ্ষ হয় । ফলত ৪ গৰাকী পুৰুষ,এগৰাকী ১২ বছৰীয়া কিশোৰী আৰু এগৰাকী মহিলাসহ মুঠ ৬ গৰাকী লোকে মৃত্যুক সাৱটি ল’বলগীয়া হয় । প্ৰত্যক্ষদৰ্শীৰ মতে এই দুৰ্ঘটনা ইমানেই ভয়ানক আছিল যে, টেংকাৰখনে চাৰিচকীয়া বাহনখন বহুদূৰলৈকে চোঁচৰাই লৈ যায় ।

এই সমগ্ৰ ঘটনাই এতিয়া ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে । ইফালে এই ঘটনাত মুখ্যমন্ত্ৰী অশোক গেহলটে গভীৰ শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

Exit mobile version