GUWAHATI গুৱাহাটী ৰে’লৱে ষ্টেচনত জি আৰ পিৰ অভিযানত জব্দ বুজন পৰিমাণৰ আফিং

WhatsApp Image 2022 09 09 at 15.29.17

GUWAHATI গুৱাহাটী ৰে’লৱে ষ্টেচনত জি আৰ পি বাহিনীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ আফিং সহ দুজন সৰবৰাহকাৰীক ৷ ধৃত লোক কেইজন হ’ল কল্লাৰাজ আৰু মনিষ কুমাৰ ৷ দুয়োৰে ঘৰ ৰাজস্থানত ৷ নামনিমুৱা তিনিচুকীয়া-দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছত অনা হৈছিল আফিং খিনি ৷ শুক্ৰবাৰে দুপৰীয়া ভাগত গোপন সূত্ৰৰ পমখেদি ৰে’লৱে আৰক্ষীৰ দল এটাই ট্ৰেইনখনত অভিযান চলাই এটা ডবাৰ পৰা দুই সৰবৰাহকাৰী সহ বৃহৎ পৰিমাণৰ আফিং সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ৷

জব্দ কৰা ২.০৪৩ ওজনৰ আফিং খিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মুল্য প্ৰায় সাত কোটি টকা হ’ব ৷ জি আৰ পিয়ে ধৃত সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে  ৷

Exit mobile version