HAWAIPURহাৱাইপুৰত মালবাহী ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

WhatsApp Image 2022 09 09 at 17.53.52

WEST KARBIANGLONG পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী হাৱাইপুৰত নিশা মালবাহী ৰেলৰ খুন্দাত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। নিশা প্ৰায় ৬-৩০ বজাত হাৱাইপুৰ আৰু লামচাখাং ৰেল ষ্টেচনৰ মাজত অৰ্থাৎ হাৱাইপুৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় ৩-৪ কি:মি: দূৰত্বত এখন উজনিমূৱা মালবাহী চলন্ত ৰেলৰ খুন্দাত মৃত্যু হয় উক্ত বনৰীয়া হাতীটোৰ। অৱশ্যয়ে চলন্ত মালবাহী উজনিমূৱা ৰেলৰ খুন্দাত হাতীটো ৰেলপথৰ পৰা কিছু দূৰত উফৰি গৈ বহু সময় ধৰি হাতীটো মৃত্যুৰ সৈতে যুঁজি থাকে যদিও পিছত উক্ত হাতীটোৱে মৃত্যুক সাৱতি লব লগা হয়।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই অহাৰ উদ্দেশ্যে ৰেলপথ পাৰ হোৱাৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশ প্ৰত্যক্ষদর্শীৰ। কৰুণ মৃত্যু হোৱা হাতীটো মতা হাতী বুলি জানিবলৈ দিয়াৰ লগতে শেহতীয়াকৈ ঘটনাস্থলীত বন বিষয়া, বন কৰ্মীৰ দল উপস্থিত হৈ হাটীটোৰ মৃতদেহ মৰুণোত্তৰ পৰীক্ষা কৰাৰ বিপৰীতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে হোজাই জিলাৰ বন বিভাগে।

Exit mobile version