HYDERABAD হাইদৰাবাদৰ মুকলি মঞ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাইক কাঢ়িলে টিআৰএছৰ নেতাই

WhatsApp Image 2022 09 09 at 19.18.17 1

SOUTH INDIAদক্ষিণাত্যত মুখ্যমন্ত্ৰীৰ সভাত অভাৱনীয় পৰিস্থিতি ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতি অনুষ্ঠিত ৰেলীৰ মঞ্চৰ সন্মুখৰ পৰা মাইক কাঢ়ি নিয়াৰ অপচেষ্টা টিআৰ এছ নেতাৰ ৷ অৱশ্যে লগে লগে আৰক্ষীয়ে আটক কৰে ৷

তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ গণেশ উৎসৱৰ এখন ৰেলীত আজি অংশ লৈছিল অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ সভাৰ মাজতে মঞ্চত প্ৰৱেশ কৰে এজন লোকে ৷ তেওঁ মুখ্যমন্ত্ৰীৰ সন্মুখত থকা মাইকটো কাঢ়ি নিয়াৰ অপচেষ্টা চলাই ৷ কিন্ত লগে লগে কাষতে উপস্থিত থকা লোকসকলে সাবটি ধৰি আৰক্ষীক চমজাই দিয়ে ৷ এনে অনাকাংক্ষিত ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীক তেওঁৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে নিৰাপদস্থানলৈ লৈ যায় ৷

উল্লেখ যে মঞ্চত মাইক কাঢ়িব চেষ্টা কৰা লোক জন হ’ল টি আৰ এছৰ নেতা নন্দোকিশোৰ ব্যাস ৷ বিগত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ব্যাসক আটক কৰি জেৰা কৰিছে ৷ এই ঘটনাই মুখ্যমন্ত্ৰীৰ সুৰক্ষাক লৈ উদ্থাপিত হৈছে বহুবোৰ প্ৰশ্ন ৷ইতিমধ্যে তেলেংগানা আৰক্ষীয়ে টিআৰ এছৰ নেতাজনক জেৰা কৰিছে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে হাইদৰাবাদৰ এক মন্দিৰ উদ্বোধন বাবে গৈছিল ৷ মন্দিৰ উদ্বোধন কৰি দিয়া ভাষণত হিন্দু-হিন্দুত্বক লৈ এক দীঘলীয়া ভাষণ দিছিল ৷তাৰ পিছতে হাইদৰাবাদত অনুষ্ঠিত হৈছিল এই ৰেলী ৷ মুখ্যমন্ত্ৰীৰ সৈতে হাইদৰাবাদৰ সভাখনত উপস্থিত আছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ৷

Exit mobile version