JURIAজুৰীয়াত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা সভা

WhatsApp Image 2022 09 09 at 18.08.49

NATIONAL ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আজি জুৰীয়া উন্নয়ন খণ্ডৰ পেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। জুৰীয়া শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ববীয়া, অঙ্গনবাৰী কৰ্মী আৰু সহায়িকাসকলে দিন জোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য হৈছে জন্মৰ পৰা ছয় বছৰৰ শিশু, গৰ্ভৱতী আৰু প্ৰসুতি মাতৃ সকলে পুষ্টিহীনতাত ভুগিব লগীয়া নহয়। শিশুৰ উচ্চতা আৰু ওজন পৰীক্ষা কৰা পোষণ মেলা আদি বিভিন্ন কাৰ্য্যসূচীৰ উপৰিও সভাখনৰ জৰিয়তে কেনেদৰে সকলোৱে নিজ নিজ ঘৰতে এখনকৈ পাচলি বাগিচা কৰাৰ লগতে প্ৰয়োজনীয় ভিটামিন কেলচিয়াম পাব পাৰি তাৰ ওপৰতো গুৰুত্ব দিয়া।

জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া, জুৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে আদি কৰি জুৰীয়াৰ বিভিন্ন পঞ্চায়ত প্ৰতিনিধিও অংশগ্ৰহণ কৰে উক্ত সভাত।

Exit mobile version