KAZIRANGAকাজিৰঙাত ৬০ কেজি মাছ সহ চোৰাং মৎস্য চিকাৰী আটক

WhatsApp Image 2022 09 09 at 14.13.28

KAZIRANGA কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং মৎস্য চিকাৰৰ অভিযোগত দুজনক আটক ৷ বৃহস্পতিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বনকৰ্মীয়ে অভিযান চলাই কলিয়াবৰ মহকুমাৰ অন্তৰ্গত নজানৰ পৰা আটক কৰে জালালুদ্দিন আৰু আমিৰ আলি নামৰ লোক দুজনক ৷ দীৰ্ঘ দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বোকা বিলত গোপনে মৎস্য চিকাৰ কৰি ব্যৱসায় চলাই আহিছিল ধৃত লোক দুজনে ৷

বনকৰ্মীৰ অভিযানৰ সময়ত উদ্ধাৰ হয় বৃহৎ বৃহৎ আকাৰৰ ৰৌ, বাহু, মিৰিকাকে ধৰি প্ৰায় ৬০ কেজি মাছ আৰু মৎস্য চিকাৰৰ আহিলা ৷ উল্লেখ্য যে নিষিদ্ধ চেং মাছৰ চোৰাং ব‍্যৱসায়ৰ লগতো জড়িত থকাৰ অভিযোগ আছে দুয়োৰে বিৰুদ্ধে । কাজিৰঙাৰ ভিতৰ ভাগত মৎস‍্য চিকাৰ কৰি বাগৰিৰৰ এখন বিলত মাছ মৰাৰ চালান লৈ নগাঁও, গোলাঘাটত কাজিৰঙাৰ মাছৰ এক ৰমৰমীয়া বেহা চলাই আহিছিল ধৃত লোক দুজনে । আটকাধীন লোক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Exit mobile version