NEET ২০২২ত আজমল চুুপাৰ ৪০ ৰ ঐতিহাসিক সফলতাত ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত

১৪০ পাউণ্ডৰ কেক কাটি বিজয়ী উল্লাস আজমল চুুপাৰ ৪০ত

WhatsApp Image 2022 09 09 at 19.57.08

দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহন কৰিছিল আজমল চুুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি ৷আজমল চুুপাৰ ৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে ৷ সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল চুুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ NEET ২০২২বৰ্ষৰ পৰীক্ষাত আজমল চুুপাৰ ৪০ য়ে আজি এক ঐতিহাসিক সফলতাৰে সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে ৷ ২০২২ বৰ্ষৰ NEET পৰীক্ষাত ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ NEET ২০২২ৰ বাছনি পৰীক্ষাত আজমল সুপাৰ ৪০ৰ শীৰ্ষ স্থান দখল কৰে স্বনৱাৰ হুছেইন ,৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ পায় , জামাজ আখতাৰ (৬৩৮), নবিউল ইছলাম (৬৩৬), হবিবা ফিৰদৌচ (৬৩৫) ছাহিদ আহমেদ (৬৩৫) ,চাবা চামচাদ (৬৩১) নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাবে পিছপৰা৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল৷আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া কোচিং ব্যৱস্থা কৰা হৈছিল৷লগতে প্ৰদান কৰা হৈছিল জলপানি৷ আনহাতে আৰ্থিক ভাবে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল চুুপাৰ৪০ য়ে৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল৷আজমল চুুপাৰ ৪০ ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দিনে ৰাতি একাকাৰ কৰি শিক্ষাৰ্থী সকলৰ সপোন পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল চুুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়৷

আজমল চুুপাৰ ৪০ ৰ এই ঐতিহাসিক সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল । আজমল গ্ৰুপ অৱ কোম্পানীৰ CEO আমিৰ উদ্দিন আজমল , আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, সিৰাজুদ্দিন আজমলক ধৰি আজমল পৰিয়ালে আজমল চুুপাৰ ৪০ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আজমল সুপাৰ চুুপাৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক অভিনন্দন জ্ঞাপন কৰে লগতে বিশেষকৈ সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জনায়।

আজমল ফাউণ্ডেচনৰ সঞ্চালক ড°খচৰুল ইছলামে এই কৃতিত্বৰ বাবে আজমল চুুপাৰ ৪০ ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে শিক্ষাৰ্থীসকলৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰা শিক্ষকসকলৰ একান্ত প্ৰচেষ্টা, কৰ্তব্যপৰায়ণতাৰ লগতে শিক্ষাৰ্থীসকলৰ একাগ্ৰতা তথা অধ্যাৱসায়ৰ বাবে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে ২০১৯ বৰ্ষতআজমল চুুপাৰ ৪০ৰ পৰা ২২ গৰাকী ,২০২০ বৰ্ষত ৮৪ গৰাকীয়ে , ২০২১ত ১৫০ গৰাকীয়ে NEETত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷আজমল চুুপাৰ ৪০ৰ দক্ষ শিক্ষক- শিক্ষয়িত্ৰী সকলৰ প্ৰশিক্ষন তথা শিক্ষাৰ্থী সকলৰ অধ্যৱসায়ৰ বলত এইবাৰ ২৪০ত কৈ অধিক শিক্ষাৰ্থীয়ে NEET ২০২২বৰ্ষত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়,NEET ২০২২ত আজমল চুুপাৰ৪০ৰ ঐতিহাসিক সফলতাত ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত আজি ১৪০ পাউণ্ডৰ কেক কাটি আজমল চুুপাৰ ৪০ৰ Girls Campuse ত বিজয়ী উল্লাস পালন কৰা হয় । আজমল চুুপাৰ ৪০ৰ ঐতিহাসিক ফলাফলে আজমল চুুপাৰ ৪০ ৰ বাবে এক গৌৰৱৰ বিষয়, যি নেকি সৰ্বভাৰতীয় পৰ্যায়ত চৰ্চিত হৈ পৰিছে ।

Exit mobile version