GUWAHATI METRO মহানগৰীত দিনক দিনে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবাৰে গুৱাহাটী পৌৰ নিগমে (জিএমচি) মহানগৰৰ ভিন্ন স্থানত অভিযান চলায় ৷
কামৰূপ মহানগৰ জিলা ধপাত নিয়ন্ত্ৰণ কোষ আৰু দিচপুৰৰ অসম আৰক্ষীৰ সহযোগত জি এম চিৰ দলটিয়ে দিছপুৰ মহাবিদ্যালয়,গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়, খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়,হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়, দিছপুৰৰ শংকৰদেৱে একাডেমিৰ এশ মিটাৰৰ ভিতৰত থকা পানদোকান সহ আন দোকানতো ধপাত জাত সামগ্ৰীৰ সন্ধানত অভিযান চলায় ৷ অভিযানত জব্দ হয় বুজন পৰিমাণৰ ধপাত জাতীয় সামগ্ৰী ৷ জিএম ছিয়ে সংশ্লিষ্ট দোকানীৰ বিৰুদ্ধে ৰজু কৰে গোচৰ ৷
TABACCO ধপাত জাত সামগ্ৰীৰ বিক্ৰীৰ বিৰুদ্ধে অভিযান জিএমচিৰ
