আপোনাৰ চুলি নগজাৰ পাঁচটা কাৰণ কি ? জানিবলৈ পঢ়ক..

21bd3694 9711 11e8 81b1 0a49ed9acdc8 1638712834836

চুলিৰ বিভিন্ন সমস্যাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে চুলি সৰা । বিশেষকৈ অস্বাস্থ্যকৰ খাদ্য খোৱা , চুলিৰ পৰ্যাপ্ত যত্ন নোলোৱা বা বৰ্তমান সময়ত মানুহৰ জীৱন শৈলীত পৰা অত্যাধিক মানসিক চাপৰ বাবেও চুলি সৰা পৰিলক্ষিত হয় । ইয়াৰমাজতো চুলিৰ অন্য এটা ডাঙৰ সমস্যা হ’ল নতুনকৈ চুলি নগজা ।

নতুনকৈ চুলি নগজাৰ কেইটামান কাৰণ হৈছে —-

১/ চুলিৰ বাবে ল’বলগীয়া যত্ন নোলোৱা। আজিকালি মানুহে সময়ৰ অভাৱত চুলিৰ যত্ন লোৱাত হেমাহি কৰা দেখা যায় । সঠিক সময়ত চুলি নোধোৱাৰ ফলত চুলিৰ গুৰিত ময়লা জমা হৈ চুলি গজিবলৈ আৰম্ভ কৰা বিন্ধাবোৰ বন্ধ হৈ পৰে । গতিকে এসপ্তাহত পাৰিলে কমেও তিনি দিনকৈ চুলি ধোৱাৰ অভ্যাস কৰিব লাগে ।

২/ বৰ্তমান সময়ত চুলি চিধা কৰা ,কেকুৰা কৰা, ৰং দিয়া আদি বিভিন্ন ধৰণৰ ৰূপ দি চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ চেষ্টা কৰা দেখা যায়। এইসমূহে আপোনাৰ চুলিখিনি কিছুদিনলৈহে ঠিক কৰি ৰাখিব । কিন্তু ইলেকট্ৰনিক হেঁচা বা বিভিন্ন কেমিকেলৰ ব্যৱহাৰে আপোনাৰ চুলিখিনি যে চিৰদিনলৈ ধ্বংস কৰি দিব ,সেইকথা হয়তো আপুনি পাহৰি যাব । এই কেমিকেল ব্যৱহাৰৰ ফলত আপোনাৰ চুলিৰ পুষ্টি চিৰদিনলৈ নাইকীয়া হয় পচাই পেলোৱাৰ লগতে চুলিৰ গুৰিবোৰ শুকান,ৰুক্ষ কৰি দিয়ে । ফলত নতুন চুলি গজিব পৰাকৈ চুলিৰ গুৰিত পুষ্টিৰ অভাৱ হয় আৰু চুলি নগজাৰ সমস্যাই দেখা দিয়ে । ‌

৩/ থায়ৰয়ডৰ সমস্যা , হৰমনৰ ভাৰসাম্যহীনতাৰ বাবেও চুলি নগজা সমস্যাৰ উদ্ভৱ হ’ব পাৰে । গতিকে শৰীৰটো সকলো সময়তে নিৰোগী কৰি ৰখাৰ চেষ্টা কৰিব লাগে । লগতে এটা কথা সদায় মনত ৰাখিব যে, মানুহ দৈনিক পাঁচৰ পৰা ছয় লিটাৰ পৰ্যন্ত পানী খাব লাগে । শৰীৰত উপলব্ধ হোৱা পৰ্যাপ্ত পানীয়ে চুলিৰ গুৰিত পুষ্টিৰ যোগান ধৰে ।

৪/ চুলিৰ বিভিন্ন সমস্যাৰ অন্যতম কাৰণ হৈছে চুলিত ব্যৱহাৰ কৰা যিকোনো চেম্পু, তেল আদি । এইক্ষেত্ৰতো সকলোৱে বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী চেম্পু বা তেল ব্যৱহাৰ কৰিব লাগে । যিহেতু আমি জনা উচিত যে , সকলো ধৰণৰ চুলিৰ বাবে সকলো চেম্পু বা তেল উপযোগী নহয় । যধে-মধে তেল,চেম্পু ব্যৱহাৰ কৰাৰ ফলত চুলিৰ পুষ্টি ধ্বংস হয় আৰু চুলি নগজাৰ দৰে গুৰুতৰ সমস্যাই গা কৰি উঠিব পাৰে ।

৫/ মানুহৰ শৰীৰত দেখা দিয়া গুৰুতৰ ৰোগৰ বাবেও সমস্যাই দেখা দিব পাৰে । তেনেক্ষেত্ৰত চিকিৎসকৰ সহায় লোৱাটো একান্তই বাঞ্চনীয় ।

Exit mobile version