চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যু হ’ল চাৰিজনকৈ বাইক আৰোহীৰ

WhatsApp Image 2022 09 10 at 16.40.20

মহাৰাষ্ট্ৰৰ নাগপুৰত কালি নিশা সংঘটিত হৈছে এক দুৰ্ঘটনাৰ ঘটনা । নাগপুৰ চহৰৰ সক্কাৰদৰা ফ্লাইঅভাৰত দুখন বাইকেৰে গৈ থকা চাৰিজন লোকক বিপৰীত দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনে তীব্ৰবেগত খুন্দা মাৰে । ফলত ফ্লাই অভাৰৰ পৰা প্ৰায় ৮০ ফুট তললৈ পৰি যোৱাত থিতাতে নিহত হয় চাৰিওজন বাইক আৰোহী ।

ইফালে দুৰ্ঘটনাটোত নিহত চাৰিজনৰ লগ‌তে আন চাৰিজন লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে বাহনখনৰ চালকজনকো আটক কৰে ।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে, বাহনখনৰ চালকজনে নিচাসক্ত হৈ গাড়ী চলোৱাৰ বাবে এই দুৰ্ঘটনাত সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই চালকজনে বাইক আৰোহী কেইজনক প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল ।

Exit mobile version