মোৰ লগত ৰাইজ আছে, সত্যটো ওলাব এদিন, শেষ উশাহৰলৈকে মোৰ স্থিতিত অটল থাকিম : ভিক্টৰ দাস

WhatsApp Image 2022 09 09 at 17.53.07

২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি হোৱা বুলি দাবী কৰা ভিক্টৰ দাসক কালি নিশা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । পুৱা সোধাপোছাৰ বাবে থানালৈ মাতি অনা ভিক্টৰক অন্য কোনো গোপন স্থাপনৈ নি আৰক্ষীয়ে জেৰা কৰাৰ পিছতে নিশালৈ গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ দাবী যে ভিক্টৰে আৰক্ষীক উপযুক্ত তথ্য- প্ৰমাণ দিব নোৱাৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হয় ।

ইফালে গ্ৰেপ্তাৰৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি অভিযোগকাৰী ভিক্টৰে কয় যে , অসমবাসীৰ বাবে, মোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মই শেষ উশাহৰলৈকে যুঁজি যাম । মই নোহোৱা হৈ যাব পাৰো। কিন্তু সমাজত ১০ জন ভিক্টৰ দি যাম । মোৰ সকলোতকৈ দুখ এইকাৰণেই লাগিছে যে , মই প্ৰশাসনৰ ওচৰ চাপিছিলো । কিন্তু মোক ওলোটাই গ্ৰেপ্তাৰ কৰিলে । ইফালে নিশা অন্য এজন যুৱক অম্লানজ্যোতি দত্তইও ভিক্টৰক সহযোগ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে কোনো দালালচক্ৰই ধন দাবী কৰা বুলি উল্লেখ কৰে ।

ভিক্টৰৰ গ্ৰেপ্তাৰৰ পিছতে সমগ্র ৰাজ্যত আজি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ চ’ছিয়েল মিডিয়াত একাংশ লোকে ভিক্টৰক সহযোগ কৰি শীঘ্ৰেই মুক্তিৰ দাবী উত্থাপন কৰিছে । উল্লেখযোগ্য যে, ৮ ছেপ্টেম্বৰত ভিক্টৰ দাস নামৰ এই শিক্ষকগৰাকীয়ে তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেন-দেন হোৱা বুলি উল্লেখ কৰি তদন্তৰ দাবী তুলি আৰক্ষী-প্ৰশাসনক টেগ কৰি এটা টুইট কৰিছিল । এই টুইটক কেন্দ্ৰ কৰিয়েই কালি যুৱকজনক জেৰা আৰম্ভ কৰিছিল ।

Exit mobile version