ASSAM-NAGALAND BORDER অসম-নগালেণ্ড সীমান্তৰ লাহৰীজানত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু হেৰইন জব্দ ৷ আটক তিনি সৰবৰাহকাৰী

WhatsApp Image 2022 09 10 at 13.42.10

ASSAM POLICE অসম আৰক্ষীয়ে আজি পুৱতি নিশা দুই বজাত অভিযান চলাই অসম-নগালেণ্ড সীমান্তৰ খটখটী থানাৰ অন্তৰ্গত লাহৰীজানত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু হেৰইন জব্দ কৰে ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি মণিপুৰৰ পৰা অহা এন.এল.০২ডি ৭৮৩৭ নম্বৰৰ এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় এই অবৈধ নিচাজাতীয় সামগ্ৰী সমূহ ৷ ট্ৰাকখনত বিশেষভাবে নিৰ্মাণ কৰা এটা গোপন কক্ষত সোমোৱাই আনিছিল আশী পেকেট গাঞ্জা যাৰ ওজত আঠ কুইণ্টল ষাঠি কেজি ৷

 

ইপিনে তিনিটা চাবোনৰ বাকচত সোমোৱাই আনিছিল চল্লিশ গ্ৰাম হেৰইন ৷ আৰক্ষীয়ে অভিযানকালত ট্ৰাকখনত থকা তিনি সৰবৰাহকাৰীক আটক কৰে ৷ আটকাধীন কেইজন হ’ল বৰপথাৰ থানাৰ অন্তৰ্গত দেওপানী নতুন বস্তিৰ ফিলটাৰ কলিতা,তিনি নং হলৌখোৱাৰ দীপক মাহাতু আৰু অমৰাজান কছাৰী বস্তিৰ ৰাহুল তামাং ৷ গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষী,বোকাজানস্থ চি আৰ পি এফ বাহিনীয়ে মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত এই অভিযান চলাইছিল ৷

Exit mobile version