Bilkis Bano : বিলকিছ বানোৰ ধর্ষকসকলৰ মুক্তিৰ যাৱতীয় নথি গুজৰাট চৰকাৰৰ পৰা তলব কৰিলে উচ্চতম ন্যায়ালয়ে

bilkis bano 1139732 1661568481

বিলকিছ বানো ধর্ষণ গোচৰত দোষীসকলৰ মুক্তি সংক্রান্ত সকলো নথি দিবৰ বাবে গুজৰাট চৰকাৰক নির্দেশ দিলে উচ্চতম ন্যায়ালয়ে । শুকুৰবাৰে শীর্ষ আদালতে গুজৰাট চৰকাৰক জনাইছে, বিলকিছ বানো গোচৰৰ কার্যক্রমৰ সম্পূৰ্ণ ৰেকর্ড দাখিল কৰিব লাগিব । দোষীসকলৰ মুক্তিৰ আদেশৰ নথিও জমা দিব লাগিব । সংশ্লিষ্ট গোচৰৰ সকলো প্রাসংগিক নথি জমা দিবৰ বাবে সময় দিয়া হৈছে দুসপ্তাহ ।

দোষীসকলৰ এজনে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল । সেই আবেদনৰ ভিত্তিত গুজৰাট চৰকাৰক বিলকিছ গোচৰৰ দোষীসকলক শাস্তিমুক্ত কৰা বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল শীর্ষ আদালতে । ইয়াৰ পাছতে যোৱা ১৫ আগষ্টত গুজৰাটৰ কাৰাগাৰৰ পৰা মুক্তি পায় ২০০২ৰ ফেব্রুৱাৰীত পাঁচ মাহৰ অন্তঃসত্ত্বা বিলকিছ বানোক গণধর্ষণত দোষী সাব্যস্ত হোৱা ১১ জন ।

বিলকিছৰ তিনি বছৰীয়া কন্যাকো হত্যা কৰিছিল তেওঁৰ চকুৰ সন্মুখতে । বিলকিছৰ পৰিয়ালৰ মুঠ আঠজন সদস্যক ‘হত্যা’ কৰিছিল ।

দোষীসকল ১৫ বছৰ জেল খাটি মুক্তি পোৱাৰ পাছতেই বিতর্ক আৰম্ভ হয় । তেওঁলোকে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছতেই মালা, মিঠাইৰে আদৰণি জনোৱা হয় । বিজেপিৰ এজন জনপ্রতিনিধিয়ে কয়, এই ধর্ষকসকলৰ ‘স্বভাৱ-চৰিত্ৰ ভাল ।’

গাঁৱলৈ উভতি তেওঁলোকৰ আনন্দ-উচ্ছ্বাস দেখি ভয় খায় অনেকে ঘৰ এৰ গুচি যায় । পাছত প্রায় ছয় হেজাৰ লোকে প্রশাসনক পত্ৰ লিখে । দোষীসকলৰ মুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰা হয় ।

শীৰ্ষ ন্যায়ালয়ত গোচৰ কৰে তৃণমূল সাংসদ মহুৱা মৈত্র‌ই, চিপিএম নেত্রী সুভাষিণী আলি প্রমুখে । ইয়াৰ পাছতেই পদক্ষেপ গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে । তিনি সপ্তাহ পাছতেই এই গোচৰৰ শুনানি হ’ব শীর্ষ আদালতত ।

Exit mobile version