Brahmastra box office day 1 collection : আৰম্ভণিতেই ৩৬ কোটি টকা আয় ব্ৰহ্মাস্ত্ৰৰ

boycott brahmastra alia bhatt ranbir kapoor starrer next target after amir khans lal singh chaddha

শুকুৰবাৰে মুক্তি পালে ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট অনিনিত ছবি ব্রহ্মাস্ত্র । ছাই-ফাই ছবিখনক দর্শকসকল চৰম উৎসাহিত আছিল । অয়ন মুখোপাধ্যায়ে পৰিচালনা কৰা এই ছবিয়ে প্রথম দিনাই আয় কৰিলে ৩৫-৩৬ কোটি টকা । ৰণবীৰৰ সঞ্জুৰ ৰেকর্ডো ভংগ কৰিলে এই ছবিয়ে । যাৰ ২০১৮ত মুক্তিৰ দিনা আয় আছিল ৩৪.৭৫ কোটি ।

মুঠ পাঁচটা ভাষাত মুক্তি পায় ব্রহ্মাস্ত্র – হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালয়ালাম । শুকুৰ-শনি-দেও মিলাই ৬০ কোটিৰো অধিক এডভান্স বুকিং হৈছে । যদিও কিছু শংকা আছিল সমগ্ৰ টিম । ৰণবীৰে কৈছিল, প্রি-বুকিঙৰ ওপৰত তেওঁ বিশেষ ভৰসা নাই । কাৰণ, দর্শকসকলে এতিয়াও ছবিখন চোৱা নাই । সেয়ে হয়তো যিকোনো সময়ত খেলা উলোটা হৈ যাব পাৰে ।

Boxofficeindia.com-ৰ প্ৰতিবেদন অনুসৰি ব্রহ্মাস্ত্র‌ই ব্যৱসায় কৰিছে সৰ্বমুঠ ভাষা মিলাই ৩৫-৩৬ কোটি । প্ৰতিবেদনত প্ৰকাশ হিন্দী ভাৰ্ছনে আয় কৰিছে প্ৰায় ৩২-৩৩ কোটি । শনি আৰু দেওবাৰ মিলাই ছবিখনৰ বিশ্বব্যপী আয় ৮-১০ মিলিয়ন হৈ যাব বুলি আশা কৰা হৈছে ।

বন্ধৰ দিনা মুক্তি পাই সৰ্বাধিক আয় কৰিছিল এছএছ ৰাজামৌলিৰ ‘বাহুবলি ২’য়ে । আয় আছিল ৪১ কোটি । এই ছবি তেলেগু আৰু তামিলত নিৰ্মাণ কৰা হৈছিল আৰু হিন্দীত ডাবিং হৈছিল ।

যদিও চলচ্চিত্র সমালোচকসকলৰ পৰা মিশ্র প্রতিক্রিয়া পাইছে ‘ব্রহ্মাস্ত্র’‌ই ।

Exit mobile version