CHILDএক সমীক্ষাত প্ৰকাশ পাইছে যে,দৈনিক প্ৰতি এক হাজাৰ শিশুৰ মাজত ৮ -১০ জনেই হৃদৰোগত আক্ৰান্ত শিশু জন্ম হয় । আগতীয়াকৈ এই ৰোগ নিৰ্ণয় কৰিব পাৰিলে অৱশ্যে সঠিক চিকিৎসাৰ যোগেদি এই হাৰ হ্ৰাস কৰিব পাৰি । গৰ্ভাৱস্থতাতে ইকোকাৰ্ডিয়গ্ৰাফীৰ সহায়ত জন্মগত দোষ যেনে – হৃদযন্ত্ৰত চিদ্ৰ থকা, অস্বাভাৱিক হৃদয়স্পন্দন আদি বহুকেইটা গুৰুতৰ ৰোগ চিনাক্ত কৰিব পাৰি । চিকিৎসকৰ পৰামৰ্শ অনুসৰি গৰ্ভাৱস্থাৰ ১৮ ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত ইকোকাৰ্ডিয়গ্ৰাফী কৰিলে শিশুৰ হৃদযন্ত্ৰৰ ৰোগ ধৰা পেলাৱ পৰাৰ লগতে আৰোগ্য কৰাও সম্ভৱ হৈ পৰে । ইয়াৰলগতে তলত উল্লেখ কৰা লক্ষণ কেইটা দেখিলে ,আপুনি বুজি উঠিব যে, শিশুটিৰ হৃদযন্ত্ৰৰ সমস্যা আছে । যেনে— ১/ ঘন-ঘনকৈ শ্বাস লোৱা ২/ অস্বাভাৱিক হৃদস্পন্দন ৩/ পেট অথবা ভৰিৰ তলুৱা ফুলি থকা ৪/ ছাল আৰু ওঠত নীলা আভাস অহা ৫/ অস্বাভাৱিকভাৱে ভাগৰ লগা আৰু ৬/ স্তনপাণ কৰোতে ফোপনি অহা । ওপৰোক্ত লক্ষণ কেইটা দেখিলেই আপুনি বুজিব পাৰিব যে, আপোনাৰ শিশুটো হৃদৰোগত আক্ৰান্ত হৈ আছে ।
CHILD আপোনাৰ শিশুটি অত্যাধিক ক্লান্তি আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে নেকি
যদি ভুগিছে ই কোন ৰোগৰ লক্ষণ হ'ব পাৰে !
-
By publisher

ADVERTISEMENT
- Categories: News, Assam, India
- Tags: CHILD PROBLEMBEHAVIOR
Related Content
Indo-pak War:সংবাদ গোষ্ঠীলৈ বিশেষ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
By
publisher
May 9, 2025
Srimanta Sankardev Sanghaশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বহাগী উৎসৱ অনুষ্ঠান বাতিল
By
publisher
May 9, 2025
সীমান্তকলৈ শ্বাহৰ আলোচনা, ৰাজনাথৰ স'তে তিনিজন সেনা প্ৰধানৰ সাক্ষাৎ
By
publisher
May 9, 2025
দিল্লীত বিমান সেৱা স্বাভাৱিক, কিন্তু শনিবাৰলৈকে বন্ধ থাকিব দেশৰ ২৭টা বিমানবন্দৰ !
By
publisher
May 9, 2025
Baloch writer claims independence from Pak: পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ
By
publisher
May 9, 2025