COVID-19 : ক’ভিড আপডেট

test 2420211124044903

বিগত তিনি দিন ধৰি দেশত কৰ’না সংক্রমণ ক্রমশ বাঢ়িছে যদিও যোৱা ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্তৰ সংখ্যা কমি পাঁচ হেজাৰ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৫,৫৫৪ । শুকুৰবাৰে এই সংখ্যা আছিল ৬,০৯৩ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,১৫৪ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৯৫৫), কর্নাটক (৬৭০), তামিলনাডু (৪৩৬), ওড়িছা (২৫৪) আৰু ৰাজস্থান (২৫৪) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ১৬ জনৰ মৃত্যু হৈছে । মহাৰাষ্ট্র আৰু দিল্লীত চাৰিজন, হাৰিয়ানাত দুজন আৰু কর্নাটক, উত্তৰ প্রদেশ, পশ্চিমবংগ, উত্তৰাখণ্ড আৰু ছত্তীছগঢ়ত এজনকৈ লোকৰ মৃত্যু হৈছে । কেৰালাত কৰ’নাত আক্রান্ত হৈ আগতেই দুজনৰ মৃত্যু হৈছিল যিটো পাছত তালিকাত নথিভুক্ত কৰা হৈছে ।

শুকুৰবাৰে এই সংখ্যা আছিল ১৮ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৬৫৭ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কমি হ’ল ১.৪৭ শতাংশ । শুকুৰবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৯৩ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৬,৩২২ জন লোক সুস্থ হয়ে হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৯ লাখ ১৩ হেজাৰ ২৯৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৭০ শতাংশ ।

Exit mobile version