DEHING PATKAI দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খনন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুনৰ জৰীপৰ নিৰ্দেশ

WhatsApp Image 2022 09 10 at 18.06.29 1

 

 

 

DEHING PATKAI দিহিং পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খননৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিচুকীয়া জিলা ন্যায়াধীশক জৰীপৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ বনাঞ্চল খনৰ ভিতৰত অবৈধ কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ জনস্বাৰ্থ জড়িত নিজাববীয়া গোচৰ সহ বিষয়টোৰ ওপৰত দিয়া আন ছয়খন আবেদনৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ ১ নৱেম্বৰৰ পূৰ্বে আদালতত জৰিপৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশনা দিয়ে জিলা ন্যায়াধীশক।

উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে নিৰ্দেশনাটোত কয়, “প্ৰাথমিক তথ্যবোৰ ৰেকৰ্ডত ৰাখিবলৈ  আমি তিনিচুকীয়া জিলা ন্যায়াধীশক আবেদনত উল্লেখ কৰা এলেকাসমূহৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিয়াটো উপযুক্ত বুলি বিবেচনা কৰোঁ আৰু বৰ্ষাৰণ্য খনত খনন হৈ আছে নে নাই, আৰু যদি হয়, কাৰ দ্বাৰা কৰা হৈছে সেই প্ৰক্ৰিয়াৰ নথিভুক্ত হোৱাটো বিচাৰো।”

উল্লেখ্য যে নেচনেল ব’ৰ্ড অফ ৱাইল্ড লাইফে (এনবিডব্লিউএল) দিহিং-পাটকাই হস্তী ৰিজাৰ্ভৰ এটা অংশত কয়লা খননৰ অনুমতি দিয়াৰ পৰামৰ্শ দিছিল যদিও ইয়াৰ বাবে বান্ধি দিছিল ২৮ টা পূৰ্ব-চৰ্ত । একেদৰে এনবিডব্লিউএল-এ ক’ল ইণ্ডিয়া লিমিটেডক (চিআইএল) প্ৰায় ৯৮.৫৯ হেক্টৰ বনাঞ্চলত মুক্ত কয়লা খনন কৰাৰ অনুমতি দিছে ।
ইতিমধ্যে সংৰক্ষিত বনাঞ্চলৰ ৫৭ হেক্টৰত চিআইএলে খনন কাৰ্য চলাই আহিছিল আৰু নতুন পৰামৰ্শই ইয়াক আৰু ৪১ হেক্টৰত খনন আৰম্ভ কৰিবলৈ অনুমতি দিছিল ।
এনবিডব্লিউএলে চি আই এলক দিয়া অনুমতিক লৈ বৰ্ষাৰণ্য খনৰ দাঁতি কাষৰীয়া লোক আৰু প্ৰকৃতি প্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ নেচনেল ব’ৰ্ড অফ ৱাইল্ড লাইফ (এনবিডব্লিউএল) তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অসম চৰকাৰে ২০২০ বৰ্ষত দিহিং পাটকাইৰ অবৈধ খননৰ অভিযোগৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীক লৈ গঠন কৰে এখন এজনীয়া কমিটি ।

 

কমিটিৰ প্ৰতিবেদনত এনইচিয়ে প্ৰয়োজনীয় অনুমোদন অবিহনে ২০০৩ ৰ পৰা ২০২০ চনৰ ভিতৰত দিহিং পাটকাইৰ ভিতৰৰ খনন স্থান সমূহৰ পৰা অবৈধভাৱে ৪,৮৭২ কোটি টকাৰ কয়লা আহৰণ কৰাৰ তথ্য উল্লেখ কৰে । এই প্ৰতিবেদনখন ২০২১ৰ ডিচেম্বৰ অসম বিধানসভাৰ শীতকালীন অধিবেশনত ত উত্থাপন হৈছিল।

মনকৰিবলগীয়া যে ২৩১.৬৫ কিলোমিটাৰ (৮৯.৪৪ বৰ্গ মাইল) আৱৰি থকা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিয়পি থকা বৰ্ষাৰণ্য খনক ২০০৪ চনৰ ১৩ জুনত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু ২০২০ৰ ১৩ ডিচেম্বৰত অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে। যোৱা বছৰ জুন মাহত আনুষ্ঠানিকভাৱে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নামফলক আৰি দিয়া হয় উদ্যানৰ প্ৰৱেশদ্বাৰত ।

 

স্মতৰ্ৱ্য যে ২০২০ চনৰ জুন মাহত কয়ল খনন স্থগিত ৰখা হৈছিল যদিও চলিত বৰ্ষৰ মাৰ্চত পুনৰ আৰম্ভ হয় । এনেক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লোৱা গোচৰৰ শুনানিত অভয়াৰণ্যত কয়লা খনন সন্দৰ্ভত বিস্তৃত জৰীপ ৰিপৰ্ট জিলা ন্যায়াধীশৰ পৰা বিচৰাটো বিশেষ লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে ৷

Exit mobile version