DRUGS ড্ৰাগছ আৰু অ-সামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে খেৰণিত প্রদিবাদ কাৰ্বি ছাত্র সন্থাৰ

ড্ৰাগছমুক্ত জিলা হিচাপে গঢ় দিয়াৰ দাবী

WhatsApp Image 2022 09 10 at 18.31.13

DRUGS ড্ৰাগছ আৰু অ-সামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে খেৰণিত প্রদিবাদ কাৰ্বি ছাত্র সন্থাৰ। ড্ৰাগছমুক্ত জিলা হিচাপে গঢ় দিয়াৰ দাবী কাৰ্বি ছাত্র সন্থাৰ । যাৰ পৰিপ্ৰেক্ষিতত
কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী কাৰ্যকসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন স্থানত চলি থকা ড্ৰাগছ সৰবৰাহ, সেৱন, অ- সামাজিক কাৰ্যকলাপ, জুৱা, তীৰ, এনডিং, দোকান-পোহাৰত বিক্ৰী হৈ থকা গোটখা, পান মচলা আদি বিক্ৰী কৰি অহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদী গণ সমলৰ কাৰ্যসুচী ৰূপায়ন কৰে ছাত্ৰ সংগঠনটোৱে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিস্থিত হাই স্কুলৰ পৰা খেৰণি থানালৈকে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত এক বিশাল গণ সমদল উলিয়াই অঞ্চলটোৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে-হাতে প্লে’কাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহন কৰে ৷

উল্লেখযোগ্য যে পাহাৰীয়া জিলা কাৰ্বি আংলঙক ড্ৰাগছমুক্ত কৰি এখন উন্নত শৈক্ষিক পৰিৱেশসৃষ্ট জিলা হিচাবে গঢ় দিযাৰ অন্যতম লক্ষ্য হৈছে ছাত্ৰ সংগঠনটোৰ, এই মন্তব্য ছাত্ৰ নেতা চেমচন টেৰণৰ। আনহাতে গণ সমদল কাৰ্যকসূচীৰ অন্তত ছাত্ৰ সংগঠনটোৱে খেৰণি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জড়িয়তে জিলা উপায়ুক্ত লৈ দাবী সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

Exit mobile version