UGC অনলাইন-ডিষ্টেন্স ক’ৰ্ছত অৰ্জন কৰা ডিগ্রী ৰেগুলাৰ ক’ৰ্ছৰ সমতুল্য হ’ব নে ?

বৃহৎ ঘোষণা ইউজিচি-ৰ

WhatsApp Image 2022 09 10 at 20.40.12

ডিষ্টেন্স ক’ৰ্ছৰ পৰা অৰ্জন কৰা ডিগ্ৰীৰ বিষয়ত ইউজিচি সচিব ৰজনীশ জৈনে কয়, ‘২০১৪ত ইউজিচিয়ে জাৰি কৰা বিজ্ঞপ্তিত স্পষ্ট কৰা হৈছিল যে স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ ডিগ্রী যদি ডিষ্টেন্সত বা অনলাইনত অর্জন কৰা হয়, তেনেহ’লে সেয়া প্রচলিত মাধ্যমত প্রাপ্ত ডিগ্রীৰ সমতুল্য হিচাপে গণ্য কৰা হ’ব ৷’

প্রসংগত, ইউজিচি-ৰ অ’পেন এণ্ড ডিষ্টন্স লার্নিং প্র’গ্রাম আৰু অনলাইন প্র’গ্রাম ৰেগুলেছনৰ ২২ নম্বৰ ধাৰা অনুযায়ী, অনলাইন বা ডিষ্টেন্স মাধ্যমত অর্জন কৰা ডিগ্রী ৰেগুলাৰ ক’ৰ্ছৰ সমতুল্য । এনে পৰিস্থিতিত দেশত শিক্ষাৰ প্রসাৰ ঘটিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য, কৰ’না পৰৱর্তী সময়ত অনলাইন শিক্ষা ব্যৱস্থা আৰু ডিষ্টেন্স লার্নিং ব্যৱস্থাৰ প্রসাৰ ঘটিছে উল্লেখযোগ্যভাৱে । আনকি ৰেগুলাৰ ক’ৰ্ছো অনলাইনত পৰিণত হৈছিল শ্ৰেণী বন্ধ থকাত । সেই দিশৰ পৰা বিশ্ববিদ্যালয় মঞ্জুৰি কমিছনৰ এই বিজ্ঞপ্তি যথেষ্ট তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে শিক্ষা মহলে ।

ক’ভিড কালত ডিগ্রী লাভ কৰা শিক্ষাৰ্থীসকলৰ মনত প্রশ্ন আছিল, ভৱিষ্যতে তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হ’ব নেকি । অনলাইন বা ডিষ্টেন্সত লাভ কৰা ডিগ্রীত চাকৰি পাবলৈ কোনো সমস্যা হ’ব নেকি… সেই দুশ্চিন্তা দূৰ কৰি বিবৃতি দিলে ইউজিচি-ৰ সচিবে ।

Exit mobile version