ঘৰতে উপলব্ধ ঔষধি পাতেও জণ্ডিচ ৰোগৰ ঘৰুৱা চিকিৎসা কৰিব পাৰি; জানিবলৈ পঢ়ক….

WhatsApp Image 2022 09 11 at 20.11.28

লিভাৰ দুৰ্বল হলে মানুহৰ শৰীৰত দেখা দিয়া এটা ৰোগ হৈছে জণ্ডিচ । জণ্ডিচ হৈছে এনে এটা জটিল ৰোগ যি পোনপটীয়াকৈ মানুহৰ লিভাৰত আক্ৰমণ কৰে । এই ৰোগত আক্ৰান্ত হলে প্ৰথমে মানুহজনৰ চকু, চাল ,নখ আদি হালধীয়া হৈ অহাৰ লগতে প্ৰস্ৰাৱ আদিও হালধীয়া হৈ পৰে । ইয়াৰ এল’পেথিক চিকিৎসা আছে যদিও কিছুমান ঘৰুৱা দিহাৰে এই ৰোগ নিৰাময় কৰিব পাৰি ।

নেশ্যনেল হেলথ পৰ্টেলৰ এক প্ৰতিবেদনত প্ৰকাশ যে, কেইবিধমান ঔষধিযুক্ত পাতেৰেও জণ্ডিচ ৰোগ নিৰাময় কৰিব পাৰি ।

১/ ৰহৰ দাইলৰ কেইটামান পাত পিহি দৈনিক ৬৯ মি: লি: ৰস উলিয়াই খালে জণ্ডিচ ৰোগৰ উপশম হয় ।

২/ আচৰিত যেন লাগিলেও সত্য যে , মূলা গছৰ পাতো জণ্ডিচ ৰোগৰ ঔষধ হিচাপে বিবেচিত হৈছে । মূলা শাক পিচি ৰস উলিয়াই দৈনিক আধা লিটাৰ খাব খালেও জণ্ডিচ ৰোগৰ পৰা উপশম পাব পাৰি।

৩/ আমি জানো যে, তুলসীৰ ৰসে জ্বৰ-পানীলগা বা কাঁহ আদি সাধাৰণ ৰোগ নিৰাময়ত অভূতপূৰ্ব সঁহাৰি দিয়ে । কিন্তু আমি হয়তো নাজানো যে এই মহাঔষধি তুলসী পাতৰ ৰস জণ্ডিচ ৰোগৰ বাবেও উপকাৰী । লিভাৰৰ বাবে অতি উত্তম এই তুলসী পাতৰ ৰস উলিয়াই খালে লিভাৰৰ অসুখৰ পৰাও পৰিত্ৰাণ পাব পাৰি ।

বি:দ্ৰ: ওপৰোক্ত লিখনি সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। অসুখ জটিল হলে বিশেষজ্ঞ চিকিৎসাৰ পৰামৰ্শ লোৱাটো একান্ত বাঞ্চনীয় ।

Exit mobile version