টীয়কৰ শিমলুগুৰি কৈৱত্ত গাঁৱত অঘটন

জাঁজী নদীত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী ২৩ বছৰীয়া মহিলা

WhatsApp Image 2022 09 11 at 17.55.48

টীয়কত জাঁজীনদীত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী ২৩ বছৰীয়া মহিলা। শিৱনী দাস নামৰ গৌৰীসাগৰ বেজগাওঁৰ নিৰ্মল দাসৰ পত্নী শিমলুগুৰিৰ পিতৃগৃহৰ পৰা সন্ধানহীন হৈ আছে। উল্লেখযোগ্য যে, আজি জাঁজী নদীত গা ধুবলৈ গৈ কাপোৰ, বাল্টি নৈৰ পাৰতে এৰি সন্ধানহীন হৈ আছে মহিলাগৰাকী ।

দুটি কণমানি সন্তানৰ মাতৃ শিৱানী দাসে ১০ দিনৰ পূৰ্বে স্বামীৰ সৈতে তৰ্কত লিপ্ত হৈ মাতৃগৃহত আশ্ৰয় লৈ আছিল বুলি জানিব পৰা গৈছে।বৰ্তমান যোৰহাটৰ পৰা অহা এচ ডি আৰ এফৰ দলে অভিযান চলাই আছ যদিও সন্ধান পোৱা নাই মহিলাগৰাকীৰ।

এইদৰে এগৰাকী মহিলাৰ আকস্মিকভাবে সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Exit mobile version