দৈনিক অগ্ৰদূত কাকতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদলৈ সাংবাদিকতা-২০২২ বঁটা প্ৰদান

WhatsApp Image 2022 09 11 at 16.00.47

দিছপুৰ প্ৰেছ ক্লাবত আজি ৰাজ্যখনৰ সাংবাদিকসকলক বিভিন্ন শিতানত সাংবাদিকতা বঁটা প্ৰদান কৰা হয় । দৈনিক অগ্ৰদূত কাকতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদক সাংবাদিকতা ২০২২ ‘ক’ বঁটা প্ৰদান কৰা হয় ।

ADVERTISEMENT

উল্লেখ্য যে সাংবাদিকতা, সাহিত্য সাংস্কৃতিক, ক্ৰীড়া, ৰাজনীতি, সমাজসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষ অবদান আগবঢ়াই অহা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে তথা তেওঁলোকক প্ৰেৰণা দিয়াৰ অৰ্থে দিছপুৰ প্ৰেছ ক্লাবে বিগত কিছু বছৰ ধৰি এই বাৰ্ষিক বʼটা প্ৰদান কৰি আহিছে । চলিত বৰ্ষত প্ৰেছ ক্লাবে বিভিন্ন শিতানত মুঠ ২৮ বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰিছে ।

Exit mobile version