পৰীক্ষা দূৰৈৰ কথা, বিদ্যালয়ত শিশুসকল খেলিবলৈ যায়, তথাপি বিশ্বৰ শিক্ষা খণ্ডত কেনেকৈ জিলিকিবলৈ সক্ষম হৈছে ফিনলেণ্ড ? জানিবলৈ পঢ়ক …

fin1

বিশ্বৰ আগশাৰীৰ আমেৰিকা,ব্ৰিটেইন আদি দেশকো পিছ পেলাই ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থা আজি এক উৎকৃষ্ট নিদৰ্শন হৈ উঠিছে সকলো দেশৰ বাবে । বিশেষকৈ এই দেশত আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় শিশুটিৰ ৭ বছৰ হোৱাৰ পিছতহে । ইয়াৰ আগত শিশুক কোনো শিক্ষা খণ্ডত অন্তৰ্ভুক্ত কৰা নহয় । বিদ্যালয়ত নামভৰ্তি কৰাৰ পিছতো শিশুটিক পঢ়াৰ হেঁচা প্ৰয়োগ কৰা নহয় । পৰিৱৰ্তে খেলা-ধূলাত মনোনিবেশ কৰোৱা হয় । প্ৰাথমিক পৰ্যায়ত কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয় ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থাত । তথাপি কেনেকৈ আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শিক্ষা স্তম্ভ হৈ থিয় দিছে ফিনলেণ্ড। অ

ৱশ্যে নাৰ্চাৰী পৰ্যায়ৰ স্কুল ফিনলেণ্ডত নথকা নহয় । সেই স্কুল সমূহতো ল’ৰা-ছোৱালীক পঢ়া-শুনাৰ বিপৰীতে খেলা-ধূলা কৰিবলৈ দিয়া হয় । এই সময়ছোৱাত শিশুসকলক কোনোধৰণৰ মানসিক চাপ দিয়া নহয় । সাত বছৰৰ আগত শিশু সকলক পৰিয়ালৰ মাজতেই প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিক্ষা প্ৰদান কৰা হয় । যাতে শিশুটি স্বাভাৱিকভাৱে আগবাঢ়ি যাব পাৰে । লগতে সমনীয়াৰ লগত কেনেকৈ মিলা-প্ৰীতিৰে থাকিব লাগে বা যিকোনো গঠনমূলক কামত ব্যস্ত ৰখা হয় ।

বিশেষকৈ শিশুৰ সৃজনশীল মনটো বিকশিত হোৱাত মনোনিবেশ কৰা হয় । ফিনলেণ্ডৰ ফ্ৰাঞ্জেনিয়া দ্যা কেয়াৰ চেন্টাৰৰ প্ৰধান টিনা মাৰজ্যোনিয়মি কৈছে যে, শিশুক খেলা-ধূলাৰ বাবে সময় দিয়াতো এইকাৰণেই দৰকাৰ যে, এই সময়ছোৱাতে শিশুৰ খেলা-ধূলাৰ মাজেৰে সৃষ্টিশীল মনৰ বিকাশ সম্ভৱ হয় । ফিনলেণ্ডৰ বিদ্যালয়ত মাত্ৰ ৯ বছৰহে আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় । অৰ্থাৎ ৭ বছৰ বয়সত স্কুল গলে ১৬ বছৰ বয়সত স্কুলীয়া শিক্ষা সমাপ্ত কৰা হয় ।

ইয়াৰোপৰি এই দেশৰ স্কুলত প্ৰথম ছটা বছৰ কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয় আনকি এই সময়ছোৱাত কোনোধৰণৰ প্ৰতিযোগিতামূলক মনোভাৱক অগ্ৰাধিকাৰ দিয়া নহয় । ১৬ বছৰ বয়সতহে এটা কেন্দ্ৰীয় পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হয় । যাক মেট্ৰিক বা হাইস্কুল শীক্ষান্ত পৰীক্ষা বুলি জনা যায় । বিশ্বৰ অন্যান্য দেশৰ তুলনাত ফিনলেণ্ডৰ বিদ্যালয়ত বহুত কম সময় আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় যদিও বৰ্তমান ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থা বিশ্বৰ এক আদৰ্শ হৈ পৰিছে । আনকি ভাৰতবৰ্ষৰ দিল্লী চৰকাৰেও ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থা অনুকৰণ কৰি লাভাম্বিত হৈছে । যিহেতু দিল্লীত চৰকাৰী বিদ্যালয়ৰ শিক্ষাগত মান আন ৰাজ্যৰ তুলনাত বহুখিনি আগবাঢ়ি গৈছে ।

উল্লেখযোগ্য যে, ফিনলেণ্ডত বিদ্যালয়ত মাত্ৰ পাঁচ বা ছঘন্টাৰ পাঠদান দিয়া হয় আৰু আঠ বা ন বজাৰ পৰা বিদ্যালয় আৰম্ভ হয় বিয়লি দুই বজাত ছুটি দিয়া হয় । প্ৰতি ৪৫ মিনিটৰ পাঠদানত ১৫ মিনিটত বিৰতি দিয়া হয় । যাতে কোনো শিক্ষাৰ্থী পঢ়াৰ প্ৰতি অনীহা নাহে । ইয়াত শিক্ষাৰ্থী সকলৰ মাজত কোনো প্ৰতিযোগিতা নহয় । সকলো ছাত্ৰ-ছাত্ৰীক সমানে গুৰুত্ব দিয়া হয় । তেওঁলোকৰ মতে প্ৰতিযোগিতা নহয় সহযোগিতাইহে শিক্ষাৰ মানদণ্ড উন্নত কৰে ।

উল্লেখযোগ্য যে , এই দেশত চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা ইমানেই উন্নত যে, বে-চৰকাৰী বিদ্যালয়ৰ কোনো অস্তিত্ব নাই এই দেশত । ইউনেক্সক:ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে , এই দেশত শিক্ষক হ’বলৈ আটাইতকৈ অধিক দক্ষতাৰ প্ৰয়োজন হয়। আবেদন জনোৱাৰ ভিতৰত মাত্ৰ ১০% লোকেহে এই নিযুক্তি লাভ কৰে । বিনামূলীয়া এই শিক্ষা ব্যৱস্থাত দুপৰীয়া আহাৰো যোগান ধৰা হয় । এই বিদ্যালয়ত শিক্ষক সলনি কৰা নহয় যাতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সম্পৰ্ক সুদৃঢ় হ’ব পাৰে ।

বিদ্যালয় সমূহত প্ৰথমে নিজৰ জাতীয় ভাষা শিকোৱা হয় । ১১ বছৰ বয়সতহে ইংৰাজী পাঠদান আৰম্ভ হয় । এনেধৰণে অতি সৰল এই পদ্ধতিৰ যোগেদি দিয়া শিক্ষাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান এই দেশত নিৰক্ষৰ নাই বুলিয়েই ক’ব পাৰি ।

Exit mobile version