শংকৰাচাৰ্য্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ মহাপ্ৰয়াণ

whatsapp image 2022 09 11 at 16 1662895800

হিন্দু ধৰ্মাৱলম্বী সকলৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু স্বামী স্বৰূপানন্দ সৰস্বতীৰ আজি মহাপ্ৰয়াণ হয় । দীৰ্ঘ সময় ঈশ্বৰৰ আৰাধনাত ব্ৰতী থকা ধৰ্মগুৰু জনৰ মধ্য প্ৰদেশৰ নৰসিংহপুৰৰ ঝোটেশ্বৰ মন্দিৰত ৯৯ বছৰ বয়সত মৃত্যু হয় । দ্বাৰকাৰ শৰ্দা পীঠ আৰু জ্যোতিৰ্মথ বদ্ৰীনাথৰ শংকৰাচাৰ্য্য হিচাপে ভগৱানক আৰাধনাত ব্ৰতী আছিল স্বামী স্বৰূপানন্দ সৰস্বতী ।

উল্লেখযোগ্য যে, মাত্ৰ এসপ্তাহ পূৰ্বে শংকৰাচাৰ্য্য গৰাকীয়ে ৯৯ সংখ্যক জন্মদিন পালন কৰিছিল । স্বাধীনতা য়ুঁজতো অংশ লোৱা ধৰ্ম গুৰু গৰাকীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ সময়তো আইনী যুঁজত অৱতীৰ্ণ হৈছিল ।

Exit mobile version