শ্ৰী শ্ৰী আউনীআটী সত্ৰই বিশিষ্ট নাগাৰ নাম শিল্পী কৈলাশ তালুকদাৰক নাগাৰা নাম শিৰোমণি উপাধি প্ৰদান 

WhatsApp Image 2022 09 11 at 17.55.50

টীয়কৰ কলিয়পানীস্থিত আউনীআটী সত্ৰৰ শাখা সত্ৰত আজি আউনীআটি সত্ৰৰ পৃষ্ঠপোষকতাত অসমৰ অন্যতম জনপ্ৰিয় নাগাৰা নামৰ শিল্পী কৈলাশ তালুকদাৰক নাগাৰা নাম শিৰোমণি উপাধি প্ৰদান কৰে l

ADVERTISEMENT

এই উপলক্ষে সত্ৰৰ নামঘৰত নাম পলিচালনা সমিতিৰ সভাপতি দুলাল বৰুৱাৰ সভাপতিত্বত আয়োজিত এক অনুষ্ঠানত লোক শিল্পীজনক এই উপাধি সত্ৰাধিকাৰ ড:পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰদান কৰে । এই উপাধিৰ সৈতে শিল্পীগৰাকীক প্ৰদান কৰা হয় এটি স্বৰ্ণ পদক,মানপত্ৰ,চেলেং, গামোচা আৰু এটি স্মাৰক ।

সম্পাদক গজেন ভুঞাই আঁতধৰা এই অনুষ্ঠানত ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বিশিষ্ট ব্যৱসায়ী প্ৰসন্ন দত্ত,অসম নাট্য সন্মিলনৰ সভাপতি মানিক গোস্বামীকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখযোগ্য যে বঁটা প্ৰাপক কৈলাশ তালুকদাৰে সত্ৰৰ নামঘৰত নাগাৰা নাম পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে।

Exit mobile version