সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজন যুৱকৰ 

227883 shock

তেজপুৰৰ সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুতৰ কাম কৰিবলৈ গৈ মৃত্যুক সাৱটি ললে এজন যুৱকে ।

জানিব পৰা মতে, তেজপুৰ লালমাটিৰ গোপাল শইকীয়া নামৰ যুৱকজন তেজপুৰ মহাবিদ্যালয়ৰ সমীপত থকা এছ এছ বিৰ কাৰ্যালয়ত বিদ্যুতৰ কাম কৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ মৃত্যু বৰণ কৰে ।

উল্লেখযোগ্য যে, উক্ত কামৰ বাবে মাতি নিয়া ঠিকাদাৰ দিগন্ত সেন গুপ্তা ঘটনাৰ পিছতে পলায়ন কৰাক লৈ এতিয়া সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । বিশেষকৈ পৰিয়ালৰ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Exit mobile version