ধৰ্মতকৈ ডাঙৰ দেশ, দেশতকৈও ডাঙৰ প্ৰেম তথা তেজৰ সম্পৰ্ক । সেই বাবেই ৭৫ বছৰৰ ব্যৱধানতো হ্ৰাস পোৱা নাছিল ভ্ৰাতৃ-ভগ্নীৰ ভালপোৱা । পাকিস্তানৰ বাসিন্দা মুছলমান ভগ্নী কুলছুম আখতাৰে ভাৰতৰ শিখ ধৰ্মাৱলম্বী জ্যেষ্ঠ ভ্ৰাতৃ অমৰজিৎ সিঙক কাষত পাই হাউ হাউকৈ ক্ৰন্দনত ভাঙি পৰা দৃশ্য প্ৰত্যক্ষ কৰি বহুতেই সেই মত প্ৰকাশ কৰিছে । সেই চকুলোৱেই যেন ধুই নিলে কাঁটাতাঁৰৰ দুপাৰে থকা বিভেদৰ দূৰত্বক । সম্প্ৰতি পঞ্জাৱৰ কৰ্তাৰপুৰৰ দৰবাৰ চাহ্বি গুৰুদ্বাৰাত মিলন ঘটিল দেশ বিভাজনৰ সময়তে বিচ্ছেদ হোৱা ভ্ৰাতৃ-ভগ্নীৰ ।
নিদাৰুণ দেশ বিভাজনৰ ইতিহাস আজিও স্বাধীন ভাৰতৰ বাবে এক কেঁচা ঘা হৈ আছে । আকস্মিকভাৱে অন্ধকাৰ নামি আহিছিল ভাৰত-পাকিস্তানৰ বহু পৰিয়াললৈ । সেই ক্ষত যেন বহুতৰে এতিয়াও মাৰ যোৱা অবিভক্ত পঞ্জাৱৰ এটা মুছলমান পৰিয়ালেও সেই অপ্ৰিয় সত্যৰ মুখামুখি হ’বলগীয়া হৈছিল । বিচ্ছিন্ন হৈ পৰিছিল পৰিয়ালৰ সদস্যসকল ।
যাৰ ফলত অমৰজিৎ সিং আৰু তেওঁৰ এগৰাকী ভগ্নীয়ে ভাৰততে থাকি যোৱাৰ বিপৰীতে সীমান্ত পাৰ হৈ নৱগঠিত পাকিস্তানত আশ্ৰয় লৈছিল তেওঁলোকৰ মুছলমান পিতৃ-মাতৃয়ে । সেই সময়ত অৱশ্যে অমৰজিতৰ আন নাম আছিল । পৰৱৰ্তী সময়ত এটা শিখ পৰিয়ালে তেওঁক দত্তক লয় আৰু শিখ ধৰ্মত দীক্ষিত কৰে । অৱশ্যে ভগ্নীৰ সংঘৰ্ষত মৃত্যু হয় । সেই যাত্ৰাত অমৰজিৎ বাচি গ’লেও চিৰকালৰ বাবে বিচ্ছিন্ন হ’ল পিতৃ-মাতৃ-ভগ্নীৰ পৰা ।
১৯৪৭ত পিতৃ-মাতৃ পাকিস্তানলৈ যোৱাৰ কিছু বছৰৰ পাছতহে কুলছুম আখতাৰৰ জন্ম হৈছিল । ৬৫ বছৰীয়া কুলছুমে কয় যে ভাৰতত হেৰাই যোৱা পুত্ৰ-কন্যাৰ বাবে মাতৃয়ে প্ৰায়ে কান্দি থকা তেওঁ শৈশৱৰ পৰাই দেখি আহিছিল । তাৰ পৰাই তেওঁৰ মনতো কেতিয়াও নেদেখা ভ্ৰাতৃ-ভগ্নীৰ প্ৰতি মায়া জাগিছিল । তেওঁ কয়, ‘কেতিয়াও ভবা নাছিলো যে দাদা-বাইদেউৰ খবৰ পাম বা দেখা হ’ব । অৱশ্যে কিছুদিনৰ পূৰ্বে দেউতাৰ ভাৰতীয় বন্ধু চৰ্দাৰ দাৰা সিং পাকিস্তানলৈ আহিছিল । কথাবোৰ জানি তেৱেঁই ভাৰতলৈ উভতি গৈ খা-খবৰ লৈ গম পালে যে দেশ বিভাজনৰ সময়ত হেৰাই যোৱা বাইদেউৰ মৃত্যু হ’লেও দাদা এতিয়াও জীয়াই আছে । তেৱেঁই অমৰজিৎ সিং ।’
সন্ধান ওলোৱাৰ পাছত ভ্ৰাতৃ অমৰজিতৰ স’তে হোৱাট্ছএপ্ যোগে যোগাযোগ স্থাপন কৰে কুলছুমে । অমৰজিতেও পাকিস্তানৰ ভগ্নীৰ কথা জানিব পাৰি আনন্দ আৰু আবেগত উথলি উঠে । কুলছুমৰ পুত্ৰ শ্বাহজাদ আহমেদেই মাতৃ ভাৰতলৈ অহাৰ যাৱতীয় ব্যৱস্থা কৰি দিয়ে । শ্বাহজাদে কয়, ‘তেওঁ শিখ পৰিয়ালত ডাঙৰ-দীঘল হৈছে । শিখ ধৰ্ম গ্ৰহণ কৰিছে, কিন্তু তাক লৈ আমাৰ কোনো সমস্যা নাই ।’ বৰঞ্চ ৭৫ বছৰৰ পাছত মাকে তেওঁৰ ভ্ৰাতৃক বিচাৰি পোৱা বুলি শ্বাহজাদে আনন্দহে প্ৰকাশ কৰে ।
প্ৰকৃততে ধৰ্ম-বৰ্ণ-দেশ সকলোকে ঢাকি পেলাইছে এই ঘটনাই । উল্লেখ্য যে কৰ্তাৰপুৰৰ দৰবাৰ চাহিবত দেশ বিভাজনৰ সময়ত বিচ্ছিন্ন হোৱা প্ৰবীণ ভ্ৰাতৃ-ভগ্নীৰ মিলন দেখি একাংশ প্ৰত্যক্ষদৰ্শীয়ে আনন্দত চকুলো নিগৰে ।