সূৰ্যপৃষ্ঠত সন্ধান ওলাল ৰহস্যময় অঞ্চলৰ

টেলিস্কোপৰ কেমেৰা কাষলৈ গ’লেই কমি যায় তাপমাত্ৰা

1662800000 sun

সূৰ্যপৃষ্ঠত এক ৰহস্যময় অঞ্চলৰ সন্ধান পালে একাংশ বিজ্ঞানীয়ে । সেই অঞ্চলৰ কাষলৈ গ’লেই হেনো আশ্চৰ্যকৰভাৱে কমি যায় তাপমাত্ৰাৰ পাৰা । আমেৰিকাৰ নেছনেল ছায়েন্স ফাউণ্ডেছন (এনএছঅ’)ৰ শক্তিশালী ছ’লাৰ টেলিস্কোপ এটাই এই তথ্য সংগ্ৰহ কৰিছে ।

বিজ্ঞানীসকলে জনাইছে যে সূৰ্যৰ মাজৰ সেই ৰহস্যৰে আবৰা অঞ্চলটোৰ নাম হৈছে ক্ৰ’ম’স্ফিয়াৰ । ই হৈছে সৌৰ পৰিমণ্ডলৰ এটা স্তৰ, যাৰ সূচনা হয় সূৰ্যপৃষ্ঠৰ পৰা চাৰিশ কিলোমিটাৰ উচ্চতাত । ১২শ কিলোমিটাৰ উচ্চতাত এই স্তৰৰ সৰ্বোচ্চ সীমা । ক্ৰ’ম’স্ফিয়াৰৰ মাজত তাপমাত্ৰাৰ তাৰতম্য আছে । বিজ্ঞানীসকলে দাবী কৰিছে যে সচৰাচৰ সূৰ্যৰ ক্ৰ’ম’স্ফিয়াৰৰ তলৰ ফালে তাপমাত্ৰা থাকে তিনি হেজাৰ সাতশ ডিগ্ৰী চেলছিয়াছ । আনহাতে, ওপৰৰ ফালে তাপমাত্ৰা থাকে প্ৰায় সাত হেজাৰ সাতশ ডিগ্ৰী চেলছিয়াছ ।

অৱশ্যে এই স্তৰৰ এটা বিশেষত্ব বিচাৰি পাইছে বিজ্ঞানীসকলে । তেওঁলোকে জনাইছে যে সূৰ্যৰ এই বিশেষ স্তৰটোৰ পৰা দূৰলৈ আঁতৰি গ’লে তাপমাত্ৰা বাঢ়ি যায় । য’ত সূৰ্যৰ অন্যান্য স্তৰসমূহৰ ক্ষেত্ৰত ঘটে বিপৰীত ঘটনা । সেইবোৰ স্তৰৰ পৰা সূৰ্যৰ কেন্দ্ৰৰ আৰু ওচৰলৈ গ’লে তাপমাত্ৰা বাঢ়ে । দূৰলৈ গ’লে উত্তাপ তুলনামূলকভাৱে কমে । যিহেতু সূৰ্যকেন্দ্ৰকেই সবাতোকৈ উষ্ণ বুলি ধৰা হয়, সেয়ে ক্ৰ’ম’স্ফিয়াৰত তাপমাত্ৰা হ্ৰাস-বৃদ্ধিৰ এই তাৰতম্যই মহাকাষ গৱেষকসকলক চিন্তিত কৰি তুলিছে ।

উল্লেখ্য যে এনএছঅ’ৰ ‘দ্য ডেনিয়েল কে. ইন’ৱে’ ছ’লাৰ টেলিস্কোপ’ক বিশ্বৰ সবাতোকৈ শক্তিশালী সৌৰ টেলিস্কোপ হিচাপে গণ্য কৰা হয় । নানা সময়ত সূৰ্যপৃষ্ঠৰ নানা তথ্য বা অজানা ঘটনা এই টেলিস্কোপৰ মাধ্যমেৰে বিজ্ঞানীসকলে জানিব পাৰে । সেই টেলিস্কোপেই সূৰ্যপৃষ্ঠত ক্ৰ’ম’স্ফিয়াৰৰ এই ৰহস্যময় অঞ্চলটোৰ সন্ধান দিছে । যোৱা তিনি জুনত এনএছঅ’ৰ তৰফৰ পৰা উক্ত টেলিস্কোপে সংগ্ৰহ কৰা সূৰ্যৰ ক্ৰ’ম’স্ফিয়াৰৰ ফটো প্ৰকাশ কৰে ।

সূৰ্যৰ মাজৰ অজানা ঘটনাৱলী প্ৰকাশলৈ অনা, নক্ষত্ৰৰ অজানা দিশবোৰ পৃথিৱীৰ মানুহক পৰিচিত কৰাটোৱেই এনএছঅ’ৰ সৌৰ টেলিস্কোপৰ প্ৰধান লক্ষ্য । এই সন্দৰ্ভত সংস্থাটোৰ সঞ্চালক সেতুৰামন পঞ্চানাথনে কয়, ‘দ্য ডেনিয়েল কে. ইন’ৱে’ ছ’লাৰ টেলিস্কোপ বিশ্বৰ সবাতোকৈ শক্তিশালী সৌৰ টেলিস্কোপ । আমি সূৰ্যক যিদৰে চিনি পাওঁ বা তাৰ বিষয়ে এই পৰ্যন্ত যিখিনি জানিছো, সেই ধাৰণা সলনি কৰি দিব পাৰে এই টেলিস্কোপে ।’

সৌৰধুমুহা, সূৰ্যৰ পৰা তেজস্ক্ৰিয় বিকিৰণৰ দৰে ঘটনাসমূহ আৰু ভালদৰে বুজাত এই সৌৰ টেলিস্কোপে সাহায্য কৰিব বুলিও তেওঁ দাবী কৰে ।

Exit mobile version