COVID-19 : ক’ভিড আপডেট

corona test 2 1656128331

বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্তৰ সংখ্যা সামান্য কমিলেও পাঁচ হেজাৰৰ ঘৰতেই আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৫,০৭৬ । শনিবাৰে এই সংখ্যা আছিল ৫,৫৫৪ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত এতিয়াও কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,১৪২ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৭৩৪), কর্নাটক (৫৮৯), তামিলনাডু (৪৩৪), ওড়িছা (২৬৯) আৰু পশ্চিমবংগ (২৬৩) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ সাতজনৰ মৃত্যু হৈছে । মহাৰাষ্ট্র, কর্নাটক, পশ্চিমবংগ, ৰাজস্থান, হাৰিয়ানা, ছিকিম আৰু অসমত এজনকৈ লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰি কেৰালাত কৰ’নাত আক্রান্ত হৈ চাৰিজনৰ মৃত্যু আগতেই হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । শনিবাৰে এই সংখ্যা আছিল ১৬ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৬৬৪ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ১.৫৮ শতাংশ । শনিবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৪৭ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৫,৯৭০ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৯ লাখ ১৯ হেজাৰ ২৬৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৭১ শতাংশ ।

Exit mobile version