Robot : শাড়ী পৰিধান কৰি বেংকর্মীৰ হাতৰ পৰা চেক লৈছে ৰ’বটে !

AA11DKdG

বগা শাড়ী পৰিধান কৰি বেংককর্মীৰ হাতৰ পৰা ঋণৰ চেক লৈছে মহিলা নহয়, ৰ’বটে ! দেখি হতচকিত নেটাগৰিক । তা নিয়ে আগ্রহ তুংগত । হঠাৎ বেংকর্মীৰ হাতৰ পৰা কিয় ৰ’বটে চেক লৈছে ? ভিডিঅ’ ভাইৰেল ।

কেৰালাৰ ৰ’বটিক সংস্থা ‘আচিমভ’এ এই ৰ’বটটো তৈয়াৰ কৰিছে । আধুনিক প্রযুক্তিত তৈয়াৰ কৰা ৰ”বটটোৰ নাম ‘ছায়াবট’ । এটা বেংকৰ পৰা ঋণৰ আবেদন কৰিছিল সংস্থাই । তেওঁলোকে আবেদন মঞ্জুৰ কৰিছে । তাৰ পাছতেই সংস্থাই কেৰালাৰ পৰম্পৰাগত শাড়ী পৰিধান কৰাই সজাইছে তেওঁলোকৰ ছায়াবট ৰ’বটটোক । তাৰ হাতৰেই লৈছে চেক ।

চেক লোৱাৰ ভিডিঅ’ প’ষ্ট কৰিছে বেংকৰ এজন কর্মচাৰীয়ে । ভিডিঅ’ত দেখা গৈছে, ৰ’বটটোৱে কৈছে, ‘‘সকলোলৈকে শুভেচ্ছা । এর্নাকুলাম প্রেছ ক্লাৱত আপোনালোক সকলোকে লগ পাই মোৰ বহুত লাগিছে । আপোনালোকক অ’নামৰ আগতীয়াকৈ শুভেচ্ছা । বেংকৰ পৰা এই সাহায্য পাই ম‌ই আপ্লুত । আচিমভ ৰ’বটিকছৰ তৰফৰ পৰা এই চেক গ্রহণ করে ভাল লাগিছে । বেংকে আৰু এবাৰ প্ৰমাণ কৰিলে যে, তেওঁলোক সকলো সময়তে দেশীয় প্রযুক্তিৰ লগত আছে, সমর্থন কৰিছে । এই অ’নামক আৰু ৰঙীন কৰাৰ বাবে ধন্যবাদ ।’’

যোৱা জানুৱাৰীত আৰু এটা ৰ’বটৰ ভিডিঅ’ ভাইৰেল হৈছিল । আহমদাবাদত ৰ’বটৰ স’তে এজন যুৱকে বেডমিন্টন খেলিছিল । গুজৰাট ছায়েন্স কলেজত তোলা হৈছিল সেই ভিডিঅ’ ।

Exit mobile version