চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা সাত দালাল পৰিল আৰক্ষীৰ জালত

WhatsApp Image 2022 09 12 at 16.19.04

ৰাজ্যত ২৬ হাজাৰ নিযুক্তিক লৈ বিতৰ্ক চলি থকাৰ মাজতে আজি পুৱা গুৱাহাটীত সাতটাকৈ দালাল আৰক্ষীৰ জালত পৰা ঘটনাই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে । জল সম্পদ বিভাগত চাকৰি দিয়াৰ নামত ধন দাবী কৰিছিল এই দালাল চক্ৰটোৱে । পুৱা এক গোপন সূত্ৰৰ পম খেদি দিশপুৰ আৰক্ষীয়ে মহানগৰৰ বৰবাৰীৰ পৰা এই দালাল কেইটাক আটক কৰে ।

ধৃত দালাল কেইটা হৈছে, গুৱাহাটী কাহিলীপাৰাৰ নয়ন শইকীয়া , মঙলদৈৰ চিৰাজুল হক ,নলবাৰীৰ গোবিন্দ চৌধুৰী , নলবাৰীৰ নুৰ ইছলাম আহমেদ ,বশিষ্ঠৰ জয়ন্ত ডেকা , নলবাৰীৰ প্ৰাঞ্জল বৰ্মন আৰু গোৱালপাৰাৰ জয়ন্ত দাস ।

এ চি পি হিমাংশু দাসৰ নেতৃত্বত চলা অভিযানত বৰবাৰীৰ জিবি গেষ্ট হাউচৰ পৰা আটক কৰা হৈছে এই দালাল চক্ৰটোক । জিবি গেষ্ট হাউচৰ দুই, চাৰি আৰু ১০৮ নম্বৰ কোঠাত বাহৰ পাতি আৰম্ভ কৰিছিল চাকৰি দিয়াৰ নামত ধন ঘটাৰ এই ব্লুপ্ৰিণ্ট ।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে, ১৪ আগষ্টৰ পৰাই ৰফিকুল হুছেইন নামৰ এই দালালজনে গেষ্ট হাউচটোত বাহৰ পাতি আছিল । ৯ আৰু ১০ ছেপ্টেম্বৰত পুনৰ আন দুটা কোঠাত বাহৰ পাতিছিল দালালকেইটাই । ইফালে পলাতক হৈ থকা ৰফিকুলক বিচাৰি আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে । দালাল কেইজনে ২০১৭ চনতে অনুষ্ঠিত হোৱা জলসম্পদ বিভাগৰ পৰীক্ষাক লৈ এই প্ৰৱঞ্চনাৰ জাল পাতিছিল ।

উল্লেখযোগ্য যে , ২০১৭ চনতে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ ওপৰত এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ চলি আছে । ইয়াৰ মাজতো এই চক্ৰটোৱে নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰ্স্তুত কৰি এক বৃহৎ অংকৰ ধনৰ লেন-দেন আৰম্ভ কৰিছিল ।

Exit mobile version