নিযুক্তি পৰীক্ষা কেলেংকাৰি : ভিক্টৰ দাসৰ দদৰা বাসগৃহত আৰক্ষীৰ অভিযান, লেপটপ জব্দ

WhatsApp Image 2022 09 12 at 17.08.49

ৰাজ্যৰ সৰ্বত্ৰে উত্তাল হৈ থকা বহু চৰ্চিত তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ভিক্টৰ দাসৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত দদৰাৰ বাসগৃহত আজি মহানগৰ আৰক্ষী উপস্থিত হৈ তালাচী চলায় ৷ তালাচীত অংশ লোৱা শীৰ্ষ আৰক্ষীয়ে জব্দ কৰে ভিক্টৰ দাসৰ লেপটপ সহ বহ সামগ্ৰী ৷

উল্লেখ্য শনিবাৰে ভিক্টৰ দাসক গুৱাহাটী চি জে এম আদালতত হাজিৰ কৰা হৈছিল ৷ চৰকাৰী পক্ষৰ অধিবক্তাই আদালতত ১৪ দিনৰ জিন্মাত বিচাৰিছিল যদি সাত দিন বাবেহে জিম্মাত দিয়ে দাসক৷ মনকৰিবলগীয়া যে তৃতীয় আৰু চতুৰ বৰ্গৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ দিছিল আৰক্ষীক ৷

কিন্তু ইয়াৰ বিপৰীতে আৰক্ষীয়ে উৰাবাতৰি বিয়পোৱা সহ কেইবাটাও গুৰুত্বৰ ধাৰাত জেৰাৰ অন্ত গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক৷ গুৱাহাটী কচিং চেন্টাৰ এটাৰ ফেকাল্টি ভিক্টৰৰ পৌতিক গৃহ জালুকবাৰী সমষ্টিৰ দদৰাত যদিও ৷কিন্ত পিতৃৰ কৰ্মসূত্ৰে মালিগাঁওতে জন্ম হোৱা ভিক্টৰ মহানগৰীতে শিক্ষাগ্ৰহণ কৰিছিল ৷ অৱশ্যে কেইবছৰমানৰ পূৰ্বে পিতৃৰো ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল ৷

Exit mobile version