হুইল চেয়াৰত ছুইগিৰ ডেলিভাৰী এজেন্ট, এগৰাকী যুৱতীৰ হাৰ নমনা যুদ্ধ

256427 swiggy

হুইলচেয়াৰ স্কুটাৰত খাদ্য দিছে ছুইগিৰ এগৰাকী ডেলিভাৰী এজেন্টে । বিশেষভাৱে সক্ষম এই ডেলিভাৰী এজেন্টৰ জীৱনযুদ্ধৰ কাহিনী ভাইৰেল হৈছে সামাজিক মাধ্যমত । এনেদৰেও যে সংগ্ৰাম কৰিব পাৰি সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে এই এজেন্টে । দিল্লীৰ মহিলা কমিছনৰ চেয়াৰপাৰ্ছন স্বাতী মালিৱালে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, সঁচাই জীৱনটো অতি জটিল । আমি হাৰিবলৈ শিকা নাই । এই স্পিৰিটক ছেল্যুট কৰিছো ।

গাড়ীৰ পৰা তোলা হৈছে সেই ভিডিঅ’ । ভিডিঅ’ত দেখা গৈছে বিশেষভাৱে সক্ষম যুৱতীগৰাকী হুইলচেয়াৰ স্কুটাৰত গৈ আছে । তেওঁ ছুইগিৰ পোছাক পৰিধান কৰি আছে । এই ছবিয়ে মন ছুই গৈছে অনেকৰ ।

এজনে লিখিছে, পৰিস্থিতি পৰিৱৰ্তন কৰিবলৈ অনেকেই যুদ্ধ চলাই গৈছে । তেওঁলোকৰ ভিতৰত তেঁৱো এজন । তেওঁ যোদ্ধা ।

আন এজনে লিখিছে, এইগৰাকী নাৰী আৰু তেওঁৰ সংগ্ৰামক ছেল্যুট কৰিছো । অৱশ্যে আমাৰ চৰকাৰ আৰু সমাজে এই বিশেষভাৱে সক্ষম লোকসকলৰ বাবে একো কৰিব পৰা নাই । সেয়ে তেওঁলোকে এনেদৰে কঠিন পৰিশ্রম কৰিবলগীয়া হয়।

আন এজনে লিখিছে, কঠিন পৰিশ্রম সমস্যাৰ নহয় । অৱশ্যে তেওঁলোকে কিছু সুযোগ পোৱা প্ৰয়োজন । যদি কর্প’ৰেট সংস্থাবোৰ আগুৱাই আহে তেন্তে এই কঠিন পৰিশ্রম কিছু কমিব ।

ইপিনে যোৱা আগষ্টত দেখা গৈছে জ’মেট’ৰ এগৰাকী ডেলিভাৰী এজেন্টে তেওঁৰ সন্তানট লগত লৈ খাদ্য ডেলিভাৰী কৰিছে । সেই ভিডিঅ’ও ভাইৰেল হৈছিল ।

Exit mobile version