ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব দেবৰ

WhatsApp Image 2022 09 12 at 17.23.26

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে সোমবাৰে ত্ৰিপুৰাৰ পৰা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব লগা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ স্থান লোৱা মানিক সাহাৰ দ্বাৰা ৰিক্ত হোৱা আসন খনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিপ্লৱ দেবে ।

উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ জয় একপ্ৰকাৰ নিশ্চিত কাৰণ ত্ৰিপুৰা বিধানসভাত শাসনাধিষ্ঠ বিজেপিৰ সৱল সংখ্যাগৰিষ্ঠতা আছে। দুমাহ মানৰ পূৰ্বে বিজেপিৰ হাইকামাণ্ডৰ পৰামৰ্শ অনুসৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বিপ্লৱ দেৱে ৷

শেহতীয়াকৈ ৰাজ্য ৰাজনীতি পৰা নি দলটোৰ শীৰ্ষ নেতৃত্বই দেবক হাৰিয়ানাত দলীয় বিষয়বাবেৰে সংস্থাপিত কৰিছিল ৷ স্মতৰ্ৱ্য যে ত্ৰিপুৰাৰ ৰাজ্যসভা আসনৰ উপ-নিৰ্বাচন ২২ ছেপ্টেম্বৰত হ’ব। আনহাতে, বিপ্লৱ দেৱৰ বিপক্ষে বিৰোধী দল বাওঁপন্থী গোট সমুহে প্ৰাৰ্থীত্ব দিয়ে প্ৰাক্তন বিত্তমন্ত্ৰী তথা বিধায়ক ভানুলাল সাহাক ৷

Exit mobile version