ACCIDENT নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰিল যাত্ৰীবাহী বাছ

আহত কেইবাজনো যাত্ৰী

WhatsApp Image 2022 09 12 at 20.14.43

GOALPARAগোৱালপাৰাৰ ৰংজুলিত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনাৰ ঘটনা । গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছ পথৰ ওপৰত বাগৰি পৰে । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা এই দুৰ্ঘটনাত ২ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । তীব্ৰ বেগত গৈ থকা বাছখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে ।

প্ৰায় ৩০ জন যাত্ৰী কঢ়িয়াই নিয়া বাছখনত সৰহসংখ্যক যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে যদিও ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহত সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ।

Exit mobile version