ASSAM LEGISLATIVE ASSEMBLY অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত মুখ্যমন্ত্ৰী

'অসম চৰকাৰে শীৰ্ঘে ঘৰুৱা সহায়ক সকলৰ বাবে প্ৰৰ্ৱতন কৰিব এখন নতুন আইন'

WhatsApp Image 2022 09 12 at 18.03.27

ASSAM GOVT অসম চৰকাৰে শীৰ্ঘে ঘৰুৱা সহায়ক হিচাপে কৰ্মৰত হৈ থকা সকলৰ ৰক্ষণাবেক্ষণৰ বাবে এখন নতুন আইন আনিব ৷ আজি এই কথা অসম বিধানসভাত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ এনে ক্ষেত্ৰত ঘৰুৱা সহায়ক নিয়োগ কৰা অসমৰ পৰিয়ালবোৰে আৰক্ষীৰ প্ৰক্ৰিয়া চলিব লাগিব পাৰে আৰু ৰাজ্য চৰকাৰে বিভিন্ন দায়বদ্ধতামূলক ব্যৱস্থা অনুসৰণ কৰিব । আজিৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত ৰাজ্য বিধানসভাৰ শৰৎকালীন অধিবেশনত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সদনক জনায় যে তেওঁৰ চৰকাৰে প্ৰস্তাৱিত আইন খন অনাৰ পিছত আইনত পৰিণত হ’লে মানৱ সৰবৰাহৰ ঘটনাসমূহক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব। যেতিয়া শিশু বা কিশোৰক কামৰ উদ্দেশ্যে আন ৰাজ্যলৈ লৈ যোৱা হয় ইয়াক মানৱ সৰবৰাহ বুলি গণ্য কৰা হয় কিন্তু যেতিয়া একেটা শিশুক ঘৰুৱা সহায়ক হিচাপে অসমৰ ভূখণ্ডৰ ভিতৰত বেলেগ জিলা বা স্থানলৈ লৈ যোৱা হয়, ইয়াক উপেক্ষা কৰা হয়। মই বিশ্বাস কৰোঁ যে ১৪ বছৰৰ তলৰ যিকোনো শিশু যি তেওঁৰ পিতৃ-মাতৃৰ পৰা পৃথক হৈছে এক প্ৰকাৰৰ সৰবৰাহ।

“মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এনে ধৰণৰ কাৰণত ৰাজ্য চৰকাৰে এনে এক আইন অনাৰ পৰিকল্পনা কৰিছে যিয়ে এনে ঘৰুৱা সহায়কৰ নিয়োগকৰ্তাসকলক জবাবদিহি কৰিব। “প্ৰস্তাৱিত আইন অনুসৰি, এনে ঘৰুৱা সহায়কৰ নিয়োগকৰ্তাসকল শিশুটোৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে দায়বদ্ধ হ’ব। নিয়োগকৰ্তাসকলে তেওঁলোকৰ ঘৰুৱা সহায়ৰ প্ৰমাণপত্ৰ স্থানীয় আৰক্ষীৰ ওচৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব ।”

ইযৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ড্ৰাগছ আৰু গৰু সৰবৰাহৰ লগতে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ পৰা মানৱ সৰবৰাহ নিশ্চিহ্ন কৰাৰ প্ৰচেষ্টাত নিৰন্তৰ চেষ্টা কৰি থাকিব। শিশু- কিশোৰ সকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সৰবৰাহ কৰা আৰু উদ্ধাৰ কৰা শিশুসকলৰ পুনৰ্সংস্থাপনৰ বাবে ৰাজ্যিক নীতি গ্ৰহণ কৰিব,” । আনহাতে “অসমত মানৱ সৰবৰাহৰ সমস্যা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে মানৱ সৰবৰাহ নেটৱৰ্ক ধ্বংস কৰিবলৈ আৰু অপৰাধত জড়িত লোকসকলৰ সৈতে অতি কঠোৰভাৱে মোকাবিলা কৰিবলৈ অধিক অভিযান আৰম্ভ কৰা হ’ব।” বুলিও সদনক জনাই ৷

স্মতৰ্ৱ্য যে শেহতীয়াকৈ ৰাজ্যখনত ক্ৰমা বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ ঘটনাক লৈ চৰকাৰ তৎপৰ হৈ পৰিছে ৷ মনকৰিবলগীয়া যে বিগত বৰ্ষটোত ৰাজ্যখনে দেশৰ সকলো ৰাজ্যৰ ভিতৰত দ্বিতীয় সৰ্বাধিক মানৱ সৰবৰাহৰ ঘটনা নথিভুক্ত কৰিছিল। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ প্ৰতিবেদন অনুসৰি, অসমত মানৱ সৰবৰাহৰ ১৪৯ টা ঘটনা নথিভুক্ত কৰা হৈছে য’ত ৩৭৬ জন ভুক্তভোগীক উদ্ধাৰ কৰা হৈছে। এনচিআৰবিৰ তথ্যই ৰাজ্যখনত বছৰ বছৰ ধৰি মানৱ সৰবৰাহৰ ঘটনা নিৰন্তৰভাৱে বৃদ্ধি পোৱাৰ ছবিখন উন্মোচিত কৰিছে । ২০২০ ত চনত প্ৰায় ১০৩ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল য’ত ১৫১ জন ভুক্তভোগীক উদ্ধাৰ কৰা হৈছিল। উল্লেখ্য যে শনিবাৰে চুবুৰীয়া অৰুণাচলৰ চাংলাং জিলাৰ দিয়াউন চক্ৰৰ মানাভুম অঞ্চলৰ পৰা সন্ধানহীন হোৱা চাৰিগৰাকী নাবালক ছোৱালীক গুৱাহাটীৰ এটা মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।

জুলাই মাহৰ পহিলাতে অসম চৰকাৰে মানৱ সৰবৰাহকাৰীৰ কবলত পৰি সৰ্বস্বান্ত হোৱা ভুক্তভোগীসকলক আইনী, মানসিক আৰু পৰামৰ্শ প্ৰদান কৰাৰ বাবে টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠানৰ (টিআইএছএছ) সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল ৰাজ্য চৰকাৰে ।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই( চি আই ডি)ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই কয় যে প্ৰতিখন আৰক্ষী থানাত এজন শিশু কল্যাণ বিষয়াৰ সৈতে অতিৰিক্ত আৰক্ষী অধীক্ষক/উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত সকলো জিলাতে বিশেষ কিশোৰ আৰক্ষী গোট কাৰ্যৰত হৈ আছে ৷ তদুপৰি ৩২০ খন আৰক্ষী থানাত মহিলা হেল্প ডেস্ক কাৰ্যকৰী হৈ আছে ৷ চিআইডিৰ দ্বাৰা ১৩৩০ তকৈও অধিক আৰক্ষী বিষয়াৰ বাবে সুকীয়া প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰা হৈছে ৷একেদৰে চি আই ডি মুখ্য কাৰ্যালয়ত এটা পৰিয়াল-পৰামৰ্শ কেন্দ্ৰ আৰম্ভ কৰা হৈছে বুলিও উল্লেখ কৰে এডিজিপি কৃষ্ণাই ।

Exit mobile version